যোৰহাট: যোৰহাটৰ সাংবাদিক উৎপল বৰাক তেওঁৰ নিজ কাৰ্যালয়ত আক্ৰমণ কৰা দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰি এৰি দিয়াক লৈ যোৰহাটত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।
দোষীক পুনৰ গ্ৰেপ্তাৰ কৰা আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত আজি যোৰহাটত সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে ঘটনাক্ৰমে ভূক্তভোগী সাংবাদিক গৰাকী আৰু যোৰহাট জিলা ই-মিডিয়াই যোৰহাট আৰক্ষী থানা তথা আৰক্ষী অধীক্ষকৰ ওচৰত এজাহাৰ দিয়াৰ পাচতো গ্ৰেপ্তাৰ কৰা সেই দুৰ্বৃত্তক কিয় মুকলি কৰি দিয়া হ’ল তাক লৈ আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যোৰহাট জিলা ই-মিডিয়া আৰু যোৰহাট প্ৰেছ ক্লাৱৰ সহযোগত এক বৃহৎ মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।
উক্ত মানৱ শৃংখল কাৰ্য্যসূচীত যোৰহাটৰ কেইবাটাও দল-সংগঠনৰ প্ৰতিনিধি, সাংবাদিক সকল আৰু যোৰহাটৰ সচেতন নাগৰিকে অংশগ্ৰহণ কৰে।