যোৰহাটত অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰা

চাকৰি ক্ষেত্ৰত ও সংঘটিত হৈছে কেলেংকাৰীঃ মুখ্যমন্ত্ৰীৰ সমষ্টিৰ মানুহ হলে বয়স পাৰ হৈ গলেও চাকৰি পাইঃ লুৰিন

যোৰহাটঃ অসম জাতীয় পৰিষদে আৰম্ভ কৰা ধুবুৰীৰ পৰা শদিয়া লৈ আৰম্ভ কৰা ‘এক অসম যাত্ৰা’ আজি উপস্থিত হয় যোৰহাট জিলাত। যোৰহাট জিলাত উপস্থিত হৈ যোৰহাট তৰাজন পূজামন্দিৰত সেৱা লৈ যোৰহাট নগৰৰ দিশে আগবাঢ়ে। এই যাত্ৰাত উপস্থিত হৈ জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে কয় যে বৰ্তমান অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে । বিজেপিৰ ভষ্ট্ৰাচাৰে অতিষ্ঠ কৰিছে জনসাধাৰণক।

ধুবুৰীৰ পৰা আৰম্ভ কৰা এই যাত্ৰাত ৰাইজ স্বতঃস্ফূৰ্ত ভাবে ওলাই আহিছে বুলি মন্তব্য কৰে লুৰিন জ্যোতি গগৈয়ে। অসম জাতীয় পৰিষদৰ এই যাত্ৰা দেখি বিজেপিৰ ভেটিত কঁপনি তুলিছে। আগন্তক নিৰ্বাচনত ৰাইজে বিচাৰ কৰিব।

অসমৰ সকলো জাতি জনগোষ্ঠী এক লগ হলেহে অসমৰ গণতন্ত্ৰ ৰক্ষা পৰিব। চাকৰি ক্ষেত্ৰতও দুৰ্নীতি সংঘটিত কৰিছে এইখন চৰকাৰে। মুখ্যমন্ত্ৰী ৰ সমষ্টিৰ মানুহে বয়স পাৰ হৈ গলেও চাকৰি পাই, প্ৰমাণ দিয়াৰ পাছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে। এই যাত্ৰাত উপস্থিত হৈ মূল্যবৃদ্ধিকে আদি কৰি বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই।