সৰিয়হৰ তলিতেই ভূত । ৰাইজৰ ৰোষত নাৰায়ণপুৰৰ আৰক্ষী ।
এইবাৰ যানবাহন আইন নমনাৰ বাবে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰত। যান বাহন আইন উলংঘা কৰি এইবাৰ ৰাইজৰ ৰোষত পৰিল নাৰায়ণপুৰ আৰক্ষী ।
যাৰ ফলত মঙলবাৰে সন্ধিয়া লখিমপুৰ জিলাৰ নাৰায়ণপুৰ নগৰত আৰক্ষী আৰু সাধাৰণ ৰাইজৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয় ৷ কাৰণ সাধাৰণ ৰাইজৰ পৰা হেলমেট, চিটবেল্টৰ নামত ফাইন কটা আৰক্ষীৰ নিজৰে গাড়ীৰ নাই ইঞ্চুৰেঞ্চ, পলিউচন – ফিটনেচ চাৰ্টিফিকেট, নামাৰে চিটবেল্ট ।
ক্ষোভিত ৰাইজে নাৰায়ণপুৰ নগৰৰ মাজমজিয়াত বহু সময় আবদ্ধ কৰি ৰাখিলে আৰক্ষীৰ গাড়ী ।
এওলোকৰ ওপৰত আইনে কি ব্যৱস্থা লয় সেয়া হব লক্ষ্যণীয় ।