মৰিয়নীৰ বাপুজী ষ্টেডিয়ামত দিবা-নৈশ ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা।

মৰিয়নিঃ অসমত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় ইণ্ডো-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা।যোৱা ১২ ছেপ্তেম্বৰত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত আৰাম্ভ হোৱা ইণ্ডো বাংলাদেশ হেণ্ড বল প্ৰতিযোগিতাৰ অন্তিমখন  খেল অনুষ্ঠিত হৈ যায় যোৰহাট জিলাৰ মৰিয়নীত।

মৰিয়নীৰ বাপুজী  ষ্টেডিয়ামত এদিনীয়াকৈ দিবা-নৈশ খেল খন অনুষ্ঠিত হৈ যায়। উল্লেখ্য যে  অসমত প্ৰথমবাৰৰ বাবে  ইণ্ডো বাংলাদেশ ফ্ৰেণ্ডশ্বিপ হেণ্ডবলৰ চাৰিখন খেল গুৱাহাটি, মৰিগাওঁ‌, ডিমৌ আৰু মৰিয়নীত অনুষ্ঠিত হয়।

অসমত হেণ্ডবল খেলক অধিক প্ৰসাৰ আৰু জনপ্ৰিয় কৰি তোলাৰ বাবে অসম হেণ্ডবল সন্থাই এই প্ৰতিযোগিতা অনুষ্ঠিত কৰে। মৰিয়নীত অনুষ্ঠিত হোৱা চুড়ান্ত খেলখন  উদ্ধোধন কৰে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰি উচ্চআয়ুক্ত ড°ৰুহুল আমিনে।খেল খনত উপস্থিত থাকে আন্ত ৰাষ্ট্ৰিয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিচ আলি হাজৰিকা।

প্ৰতিযোগিতাৰ চুড়ান্ত খেলত ৱাংলাদেশে ভাৰতক ৩৯-২০ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে। খেলখনৰ আৰম্ভণিতে স্থানীয় শিল্পীসকলে  বিহু প্ৰদৰ্শন কৰাৰ লগতে  বিভিন্ন সাংস্কৃতিক  কাৰ্যসূচি প্ৰদৰ্শন কৰে।