সাৱধান এতিয়া আৰক্ষীক কোনো ঘটনাৰ খৱৰ দিয়া আগতে ১০০ বাৰ চিন্তা কৰক ৷ অপৰাধ আৰু অপৰাধী নিয়ন্ত্ৰণ কৰিব নোৱাৰা যোৰহাট আৰক্ষীয়ে ঘটনাৰ খৱৰ দিয়া সাংবাদিকৰ মবাইল জব্দকৰি বিৰত্ত্ব প্ৰদৰ্শন।
আমগুৰিঃ মৰিয়নীৰ এখন হোটেলত বাহৰ পাতি থকা দুজন ৰাজস্থানী ব্যক্তিক ব্লেক মেইলিং কৰি ধন ঘটিবলৈ যোৱা এটা চক্ৰক উৎখাত। মৰিয়নী নগৰৰ চেহনাই বিবাহ ভৱনত বাহৰ পাতি আছিল ৰাজস্থানৰ চিকৰ জিলাৰ মহিপাল সিং আৰু সুনিল শৰ্মা নামৰ দুজন ব্যক্তি।
মঙ্গলবাৰে আবেলি এজন যুৱক আৰু তিনিগৰাকী যুৱতী ৰাজস্থানী ব্যক্তি দুগৰাকী বাহৰ পাতি থকা চেহনাই বিবাহ ভৱনত উপস্থিত হৈ বলপূৰ্বক ভাৱে কোঠাত প্ৰৱেশ কৰাৰ চেষ্টা কৰে। ৰাজস্থানী ব্যক্তি দুগৰাকীক যুৱতী কেইগৰাকীৰ সৈতে বিয়া পাতিবলৈ হেঁচা দি দাবী ধমকি দিয়ে যুৱকজনে। হোটেল কৰ্তৃপক্ষৰ অনুমতি অবিহনে ৰুমত হঠাতে তিনি গৰাকী যুৱতীসহ যুৱকজন সোমাই যোৱাত হোটেল কৰ্তৃপক্ষই বাধা প্ৰদান প্ৰদান কৰাত হোটেল কৰ্তৃপক্ষৰ সৈতে প্ৰথম অৱস্থাত বাকবিতণ্ডাত লিপ্ত হয় উক্ত চক্ৰটো ৷ ঘটনা বিষয়ে খৱৰ পায় উপস্থিত হোৱা সাংবাদিকে খৱৰ দিয়ে আৰক্ষীক ৷
আৰক্ষীয়ে বিবাহ ভৱনটোৰ পৰা পলায়ন কৰা তিনিগৰাকী যুৱতীক মৰিয়নী থানা চাৰিআলিৰ পৰা আটক কৰে আৰু এজন যুৱক সহ ৰাজস্থানী ব্যক্তি দুগৰাকীক হোটেলৰ পৰা আটক কৰি থানালৈ আনে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত ইকবাল আহমেদ নামৰ যুৱক জনে দুই ৰাজস্থানী ব্যক্তিক হনী ট্ৰেপিংৰ জালত পেলোৱাৰ পৰিকল্পনা কৰা বুলি পোহৰলৈ আহিছে।
ৰাজস্থানী ব্যক্তি দুজনক অসমীয়া ছোৱালীৰ সৈতে বিয়া কৰাই দিম বুলি এটা চক্ৰই বন্দবস্থি কৰি মৰিয়নীলৈ মাতি আনিছিল। উক্ত চক্ৰটোত তেজপুৰৰ নবীন গোৱালা, বাসুদেৱ তাঁতী আৰু বিতু সোনোৱাল নামৰ লোক কেইজন জড়িত বুলি স্বীকাৰোক্তি দিছে ইকবাল আহমেদ নামৰ যুৱকজনে।
আৰক্ষীয়ে ৮৮\২৩ নং গোছৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধী আইনৰ ৪৪৮\৪১৯\১২০(বি)\৫০\৩৮৪\৫১১ ধাৰাত ইকবাল আহমেদক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।
আনহাতে উক্ত ঘটনাৰ সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা মৰিয়নীৰ DY365 ৰ সাংবাদিক সপোন ৰহমান শইকীয়াৰ মোৱাইল ফোনটো জব্দ কৰি থয় মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গুনীন চুতীয়াই।
লগতে আন চাৰি গৰাকী সাংবাদিকৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ ভাবুকি প্ৰদান কৰে আৰক্ষী বিষয়া গৰাকীয়ে ৷ মৰিয়নী প্ৰেছ ক্লাবৰ সাংবাদিক সকলে আৰক্ষী বিষয়া গৰাকীৰ এনে কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনায়। মৰিয়নী থানাত উপস্থিত হোৱা তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰিক প্ৰেছ ক্লাবৰ সাংবাদিক সকলে এই আৰক্ষী বিষয়া গৰাকীৰ কাৰ্যৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্থ কৰাৰ সিধান্ত গ্ৰহণ কৰে। মহকুমা আৰক্ষী বিষয়া গৰাকীৰ হস্তেক্ষেপত সাংবাদিক সকল ক্ষান্ত হোৱাৰ লগতে সাংবাদিক গৰাকীৰ মোবাইলটো ঘূৰাই দিবলৈ বাধ্য হয় আৰক্ষীয়ে। আনহাতে এই ঘটনাই মৰিয়নীত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।