মৰিয়নীত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ অভিযোগ

মৰিয়নীত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ অভিযোগ ।

মৰিয়নিঃ যোৰহাট জিলাৰ মৰিয়নি বিধানসভা সমষ্টিৰ অন্তৰ্গত লোক নিৰ্মাণ বিভাগৰ জেঙনি হাতীজুৰি পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।

তিনি কোটি ২২ লাখ টকা ব্যয়েৰে নিৰ্মাণ হ’ব লগীয়া জেঙনী – হাতীজুৰি সংযোগী প্ৰায় তিনি কিলোমিটাৰ পথত নিৰ্মাণ হৈ থকা ৮ টা কালভাৰ্তৰ নিৰ্মাণত বিসংগতি থকাৰ লগতে ঠিকাদাৰ চেলিম হাজৰিকাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰেৰে কালভাৰ্ট নিৰ্মাণ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে কালভাৰ্ট নিৰ্মাণৰ কাম বন্ধ কৰে।

উল্লেখ যে খোদ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়েই কামত বিসংগতি থকাৰ কথা কেমেৰাৰ সন্মুখত স্বীকাৰ কৰে। স্থানীয় ৰাইজৰ মতে এনে ধৰনৰ একাংশ দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰ আৰু বিষয়াৰ বাবে চৰকাৰ খনৰ বদনাম হবলগা হৈছে।