আন্তৰ্জাতিক কন্যা শিশু দিৱসৰ লগত সংগতি ৰাখি, মহিলাৰ সূৰক্ষা, নিৰাপত্তা আৰু সৱলীকৰনৰ ওপৰত মৰিয়নীত বৃহৎ জনসজাগতা সভা।
মৰিয়নীঃ আন্তৰ্জাতিক কন্যাশিশু দিৱসৰ লগত সংগতি ৰাখি মহিলাৰ সূৰক্ষা, নিৰাপত্তা আৰু সাৱলিকৰনৰ ওপৰত ৰাজ্যৰ চাহ বাগিচা অঞ্চলত মাহজোৰা জন সজাগতা অভিযানৰ আজি মৰিয়নী সোনোৱাল চাহ বাগিচাত আৰাম্ভ হয়।
অসম চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ন বিভাগৰ উদ্যোগত সোনোৱাল চাহ বাগিচা সভাগৃহত অনুষ্ঠিত হোৱা সভাত মূখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত, মহিলা আৰু শিশু কল্যান বিভাগৰ মন্ত্ৰী অজন্তা নেওঁগ। মন্ত্ৰী গৰাকিয়ে চাহ বাগিচাৰ মহিলা সকলক নিজৰ স্বাস্থ্যক লৈ সজাগত হবলৈ আহ্বান জনায়।বাগিচা অঞ্চলত সূৰা আৰু বিভিন্ন মাদক দ্ৰব্যৰ বিৰুদ্ধে গন আন্দোলন গঢ়ি তুলিবলৈ মহিলা সকলক ওলায় আহিবলৈ কয়।
বাল্য বিবাহ হল চাহ বাগিচাৰ আন এক মুল সমস্যা সেয়ে বাল্য বিবাহ বন্ধ কৰাৰ ক্ষেত্ৰত মাতৃ সকলৰ ভূমিকা অনস্বিকাৰ্য। মাতৃ সকলে বাল্য বিবাহৰ বিৰুদ্ধে বাগিচাই বাগিচাই মহিলা সকলে গনসচেতনা গঢ়ি তুলিবলৈ বাগিচা অঞ্চলৰ ৰাইজৰ প্ৰতি আহ্বান জনায়। সভাত সাংসদ তপন গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক ৰুপজ্যোতি কুৰ্মী, ভাস্কৰ বৰুৱা. যোৰহাট জিলাৰ আয়ুক্ত পূলক মহন্ত উপস্থিত থাকে।