মৰিয়নিৰ বজাৰত ফৰ্মেলিনযুক্ত মাছৰ প্ৰয়োভৰ। অসমীয়া যুৱ মঞ্চৰ পৰীক্ষা কীতত ধৰা পৰে উজনি অসমৰ মাছৰ সৰবৰাহৰ বৃহৎ কেন্দ্ৰ মৰিয়নি বজাৰত।
আপুনি মাছ খায় নিশ্চয় ভাল পায় । কিন্তু সাৱধান, কিয়নো মৰিয়নীৰ মাছৰ বজাৰত বিষাক্ত ফৰ্মেলিনৰ অৱস্থিতি ।
ৰাজ্যৰ মাছৰ বজাৰত বিক্ৰী হোৱা আমদানিকৃত চালানী মাছ খোৱাৰ ক্ষেত্ৰত সাৱধান । কাৰণ অসমত আমদানিকৃত চালানী মাছত মানৱ দেহৰ বাবে বিষাক্ত ফৰ্মেলিনৰ অৱস্থিত ধৰা পৰিছে । শেহতীয়াকৈ মৰিয়নীৰ মাছৰ বজাৰত আমদানিকৃত চালানী মাছত বৃহত্তৰ অসমীয়া যুৱ মঞ্চ নামৰ সৎগঠনটোৱে ব্যৱহাৰ কৰা কীটত ফৰ্মেল অৱস্থিতি ধৰা পৰিছে ।
পিছত সংগঠনটোৱে বিভাগীয় কৰ্তৃপক্ষক এই বিষয়ে অৱগত কৰাৰ পিছত ইতিম্যধে খাদ্য সুৰক্ষা বিভাগে মৰিয়নী মাছৰ বজাৰৰ পৰা জব্ধ কৰে ফৰ্মেলিনযুক্ত মাছৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰিছে।
উল্লেখ্য যে পুতৌজনক ভাৱে খাদ্য সুৰক্ষা বিভাগৰ হাতত নাই ফৰ্মেলিন পৰীক্ষা কৰিবলৈ নিম্নতম কীটটো। মাছ বজাৰৰ বেপাৰীৰ পকেটত খাদ্য সুৰক্ষা বিভাগৰ বিষয়া । ইতিমধ্যে ইয়াৰ আগতে যোৰহাটত চলা অভিযানত মাৰাত্মক ফৰ্মেলিন মাছৰ দেহত ধৰা পৰা পাছতো মৰিয়নীৰ বজাৰত চলা নাছিল খাদ্য সুৰক্ষা বিভাগৰ অভিযান। এই কথা বিভাগীয় বিষয়াই নিজ মুখে স্বীকাৰ কৰিছে ।
এই মৰিয়নীৰ মাছৰ বজাৰৰ পৰাই উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহি:ৰাজ্যলৈও এই আমদানিকৃত মাছসমুহ যোগান ধৰা হয় । কিন্ত তাৎপৰ্যপুৰ্ণ বিষয় যে, আমদানিকৃত মাছত বিষাক্ত ফৰ্মেলিন ওলোৱা পিছতো ইমান দিনে মৰিয়নীৰ দৰে এই বৃহৎ মাছৰ বজাৰত কীট ব্যৱহাৰ নকৰাটো বিভাগটোৰ ওপৰত ৰাইজৰ প্ৰশ্ন উত্থাপন হৈছে ।