চেলেং চাহ বাগিচাৰ কলঘৰৰ সন্মুখত বাগিচাৰ শ্ৰমিকক শোষণ বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ আটছাৰ।
মৰিয়নিৰ চেলেং চাহ বাগিছাত শ্ৰমিকৰ শোষন বঞ্চনাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আটছাৰ। চেলেং চাহ বাগিছাত শ্ৰম আইন উলংঘা কৰি বাগিছা কতৃপক্ষই প্ৰাপ্য সা সুবিধাৰপৰা বঞ্চিত কৰি আহিছে বুলি আজি অভিযোগ কৰে বাগিছাৰ শ্ৰমিকসকলে।
খোৱাপানী, উপযুক্ত চিকিৎসা সেৱা প্ৰদানৰ দাবীত আটছাৰ চেলেংহাট উপশাখাই এনেদৰে চেলেং চাহ বাগিছাৰ কলঘৰৰ সন্মুখত উত্তাল প্ৰতিবাদ স্যাবাস্ত কৰিছে।
শীঘ্ৰে বাগিছা কতৃপক্ষই শ্ৰমিকসকলক মৌলিক সা সুবিধাসমূহ প্ৰদান নকৰিলে অধিক জংগী আন্দোলনৰ হুংকাৰ আটছাৰ।