মৰিয়নিৰ চেলেংহাটত চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ।
মৰিয়নিঃ যোৱা নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন নিহত হোৱা আৰু এজন গুৰুতৰভাৱে আহত হোৱা ঘটনাৰ পিছত আজি চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে মৰিয়নিৰ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দ’ল সংগঠন।
দুৰ্ঘটনা সংঘটিত হোৱা স্থানত একত্ৰিত হোৱা ৰাইজে যোৱা নিশা হোৱা সংঘটিত দূৰ্ঘটনাৰ বাবে চৰকাৰ আৰু লোক নিৰ্মাণ বিভাগক পোনপটীয়াকৈ জগৰীয়া কৰিছে। পাঁচমাহ পূৰ্বে ভাঙি পৰা এখন RCC দলংৰ স্থানত আজি পৰ্যন্ত কোনো ধৰনৰ ব্যৱস্থা নকৰাৰ বাবেই যোৱা নিশাৰ ঘটনা সংঘটিত হবলৈ পালে বুলি দাবী কৰে প্ৰতিবাদকাৰী ৰাইজে।
উল্লেখ্য যে, ভঙা দলঙৰ দুয়োমূৰে বেৰীকেটৰ ব্যৱস্থা কৰা হলেই দুৰ্ঘটনাটো হ’বলৈ নেপাই বুলি স্থানীয় ৰাইজে ক্ষোভেৰে মত প্ৰকাশ কৰিছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত পুৱতি নিশালৈকে কাম কৰি ভঙা দলংখনৰ দুয়োমূৰে বেৰীকেটৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে।
সেইদৰে উন্নয়নক আওকাণ কৰি অমৃত কলহৰ দৰে কাৰ্যসূচীৰে ৰাইজক আভোৱা ভৰাৰ চেষ্টা চলাইছে বুলি প্ৰতিবাদকাৰী ৰাইজে অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে টেঙাবাৰী আৰু চেলেং বাবুলাইন সংযোগী পথত বেৰীকেট নথকা ভগা দলংখনৰ তলত পৰি থকা কংক্ৰিটত পৰি বাইক আৰোহী এচেউ বাউৰী নামৰ এজন যুৱক ঠিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাবে আহত সুৰেন দাস নামৰ আন এজন যুৱক বৰ্তমানেও সংকটজনক অৱস্থাত চিকিৎসাধীন অৱস্থাত আছে।