মৰিয়নিৰ একাংশ বিজেপি কৰ্মীৰ ৰাজ্যিক সভাপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ
শেহতীয়াকৈ বিজেপি চৰকাৰ খনৰ কাম কাজত নিজ দলেই একাংশ কৰ্মী অসন্তুষ্ট হোৱাৰ কথা আলোচনা হৈ থকাৰ মাজতেই মৰিয়নী সমষ্টিৰ চেলেংহাটৰ একাংশ কৰ্মীয়ে মুখ্যমন্ত্ৰীলৈ এক পত্ৰ প্ৰেৰণ কৰাৰ কথাই এতিয়া চেলেংহাটত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ যোগেদি প্ৰেৰণ কৰা ১২ দফীয়া এই পত্ৰত তাৎপৰ্যপূৰ্ণ ভাবে মূল্যবৃদ্ধি, কৰ্মসংস্থাপনহীনতা, স্থায়ী চাহ শ্ৰমিকৰ সংখ্যাৰ অনুপাত, চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি, চৰকাৰী ৰেচন ২০২২ চনৰ পৰা একাংশ লোক বঞ্চিত হোৱাৰ অভিযোগ, চেলেংহাটত দৈনিক বজাৰ স্থাপন, অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি, প্ৰধানমন্ত্ৰী আবাস যোজনাৰ হিতাধিকাৰীৰ যোগ্যতা সম্পৰ্কত থকা কাৰিকৰী অসুবিধা দূৰীকৰণ, নিম্ন প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন আৰু শিক্ষকৰ প্ৰশিক্ষণ প্ৰদান, প্ৰধান মন্ত্ৰী মুদ্ৰা লোণ প্ৰদান, চেলেংহাটত কৃষি ভূমি উচ্ছেদ কৰি মহাবিদ্যালয় নিৰ্মাণৰ ক্ষেত্ৰত ভূমি উচ্ছেদিত পৰিয়ালক সংস্থাপন দিয়া, বসুন্ধৰা আঁচনিৰ জৰিয়তে চাহ শ্ৰমিকক ভূমিৰ সুবিধা প্ৰদান কৰা আদি বিষয় অন্তৰ্ভুক্ত কৰিছে। বৰ্তমান বিজেপিৰ দলীয় কৰ্মকৰ্তাৰে মহাসম্পর্ক অভিযানৰ প্ৰাকমুহূৰ্তত বিজেপিৰ একাংশ দলীয় কার্যকৰ্তাৰ ক্ষোভ চৰকাৰখনে কেনেদৰে প্ৰশমিত কৰে সেয়া লক্ষণীয় হব।