মৰিয়নিত স্বাস্থ্য বিভাগৰ গৃহ নিৰ্মাণৰ নামত চলিছে ব্যাপক লুন্ঠন। বিভাগীয় অভিযন্তা, ঠিকাদাৰ আৰু স্থানীয় পালিনেতাই মিলি লুন্ঠন চলোৱাৰ অভিযোগ।
যোৰহাট জিলাৰ মৰিয়নীৰ সমষ্টিৰ ৬১ নং কাটনী গাঁও পঞ্চায়তৰ অন্তৰ্গত জেঙনি স্বাস্থ্য কেন্দ্ৰৰ সমীপত Imergency Covid Respons plan চমুকৈ ECRP -2 আঁচনিৰ ১১ লাখ ৫০ হাজাৰ টকীয়া Sub Centre নিৰ্মান কৰাৰ নামত ঠিকাদাৰ দেবজিত গগৈ আৰু স্থানীয় পালিনেতা ৰুণ দাসে বিভাগীয় অভিযন্তা ধ্ৰুৱজিৎ ফুকনক মেনেজ কৰি অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰেৰে গৃহ নিৰ্মাণ কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ স্থানীয় ৰাইজেৰ।
ইমানেই নিম্ন মানৰ কাম কৰিছে যে ৭ দিন পূৰ্বে নিৰ্মাণ কৰা পকী বেৰাৰ ইটা সহজে এৰাই পৰা দেখা গৈছে।
অনুৰূপ ঘটনা ৬০নং মৰিয়্নী বাগিছা পঞ্চায়তৰ অন্তৰ্গত জ্ঞানোদয় পুথিভঁৰালত তিনি লাখ টকাৰে নিৰ্মাণ হোৱা শৌচগাৰৰ ক্ষেত্ৰতো একেই, নকছাৰি অঞ্চলৰ ইমতিয়াজ আৰু জাৱেদ নামৰ ঠিকাদাৰে চলাইছে লুণ্ঠন৷ জানিব পৰা মতে এই কেইজন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ঘনিষ্ঠ।