মৰিয়নিত স্বাস্থ্যৰ প্ৰমানপত্ৰ প্ৰদানৰ নামত চিকিৎসকৰ ধন সংগ্ৰহৰ অভিযোগ।

মৰিয়নিত স্বাস্থ্যৰ প্ৰমানপত্ৰ প্ৰদানৰ নামত চিকিৎসকৰ ধন সংগ্ৰহৰ অভিযোগ।

আমগুৰিঃ পাৱাৰগ্ৰিডৰ টাৱাৰতত কৰ্মৰত শ্ৰমিকৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰমানপত্ৰ প্ৰদানৰ নামত মৰিয়নিৰ নাগাজাংকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকৰ বিৰুদ্ধে।

চিকিৎসক ইন্দু শইকীয়াৰ বিৰুদ্ধে অভিযোগ উঠিছে প্ৰতিখন ফিটনেছ চাৰ্টিফিকেতৰ বিনিময়ত ১০০টকা সংগ্ৰহ কৰাৰ । ঘটনাৰ সন্দৰ্ভত যোৰহাট জিলা যুটীয়া সঞ্চালকৰ সৈতে যোগাযোগ কৰাত তেওঁ কৌশলেৰে মন্তব্য আগবাঢ় । বৰ্তমান  চিকিৎসকজনৰ এই কাণ্ডৰ পিছত মৰিয়নিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।