মৰিয়নিত ভাৰতীয় জনতা পাৰ্টিৰ মহা জনসম্পৰ্ক অভিযান।
আগন্তক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপি দলে আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান। মৰিয়নিত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বিজেপিৰ জনসম্পৰ্ক অভিযান ।
আগন্তক ২৪ৰ লোকসভা নিৰ্বাচনক লৈ বিজেপিৰ জনসম্পৰ্ক অভিযানত সাংসদ তপন গগৈ, স্থানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা তথা মৰিয়নি সমষ্টিৰ বিভিন্ন বুথ সমিতিসমূহ উপস্থিত থাকে।
সাংসদ তপন গগৈয়ে বিজেপিৰ উন্নয়ন আৰু বিকাশৰ বাবেই পুনৰ অসমত লোকসভাসভা নিৰ্বাচনত গেৰুৱা দলৰ জয়যাত্ৰা অব্যাহত থাকিব বুলি আশা প্ৰকাশ কৰে।