মৰিয়নিত প্ৰৱঞ্চনাৰে স্কুটি লৈ উধাও প্ৰৱঞ্চকৰ

মৰিয়নিত প্ৰৱঞ্চনাৰে স্কুটি লৈ উধাও প্ৰৱঞ্চক। ঘটনাৰ সন্দৰ্ভত আৰক্ষীক অৱগত কৰাৰ পাছতো নকছাৰি দেৱেৰাপাৰা আৰক্ষীয়ে গুৰুত্ব নিদিয়াৰ অভিযোগ ভুক্তভোগীৰ

মৰিয়নিৰ নকচাৰীত এটা চুৰে প্ৰবঞ্চনাৰে এখন স্কুটি লৈ উধাও হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিবপৰামতে দেওবাৰে সন্ধিয়া নকছাৰিৰ মাউতজুলি নপাম গাঁৱৰ ৰমেন বৰুৱা নামৰ ব্যক্তি জনৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত স্কুটি দুৰ্ঘটনাগ্ৰস্ত হৈ আঘাটপ্ৰাপ্ত হয়।

দুৰ্ঘটনাস্থলীত এজন যুৱক উপস্থিত হৈ সহায় কৰাৰ উদ্দেশ্যে যুৱক জনে নিজে AS03Y4261 নম্বৰৰ স্কুটিখন চলায় আঘাটপ্ৰাপ্ত ৰমেন বৰুৱাক নিজৰ ঘৰত থয় আৰু উভতি যাবলৈ ৰমেন বৰুৱাৰ স্কুটীখন বিচাৰে পিছদিনা পুৱাৰ ভাগত ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে।

উল্লেখযোগ্য যে যুৱকজনে নিজৰ ফোন নাম্বাৰ ৰমেন বৰুৱাৰ পৰিয়ালক দি নিজকে ৰাহুল শইকীয়া বুলি পৰিচয় দিয়াৰ উপৰিও মৰিয়নি আৰক্ষী থানাৰ বাহন চালক বুলি পৰিচয় দিয়ে।

পিছত স্কুটি লৈ যোৱাৰ পিছত অন্তধ্যান হৈ পৰে প্ৰৱঞ্চকটো। পুৱা ৰমেন বৰুৱাই মৰিয়নি থানাৰ পৰা স্কুটি আনিবলৈ গৈ জানিব পাৰে যে ৰাহুল শইকীয়া নামৰ কোনো লোক মৰিয়নি থানাৰ বাহন চালক হিচাপে কৰ্মৰত নাই ।

উক্ত দিনা প্ৰবঞ্চনাৰে স্কুটি চুৰকৰা সন্দৰ্ভত নকছাৰি দেবেৰাপাৰা আৰক্ষী চকীত ভুক্তভোগীয়ে ৰাহুল শইকীয়াই দি যোৱা ফোন নাম্বাৰৰ what app Dp ৰ পৰা প্ৰৱঞ্চক যুৱকজনৰ ফটো সংগ্ৰহ কৰি এজাহাৰ দিয়াৰ পিছতো আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহন নকৰাৰ অভিযোগ উঠিছে নকছাৰি দেৱেৰাপাৰ আৰক্ষীৰ বিৰুদ্ধে।