মৰিয়নিত পানী যোগান আঁচনি ৰূপায়নৰ নামত লুন্ঠন। জাঁজী নদীত উটি গ’ল কোটি টকীয়া পানী উত্তোলনৰ পাম্প।

মৰিয়নিত পানী যোগান আঁচনি ৰূপায়নৰ নামত লুন্ঠন। জাঁজী নদীত উটি গ’ল কোটি টকীয়া পানী উত্তোলনৰ পাম্প।

মৰিয়নিৰ চেলেংহাটত ৩৮ কোটি টকা ব্যয়ৰে ৰূপায়ন কৰা গ্ৰেটাৰ লাহিং পানী যোগান আঁচনিৰ এটা কোটি টকীয়া পাম্প জাঁজী নদীত উটি যোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। দুবছৰ পূৰ্বে স্থাপন কৰা পানী যোগান আঁচনি খনৰ নিৰ্মান কাৰ্য সম্পূৰ্ন হ’ল যদিও কাৰিকৰী বিসংগতিৰ বাবেই আঁচনিখনে পানী যোগান ধৰিব পৰা নাই ৰাইজক।

আনহাতে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত পদুমনিত স্থাপন কৰা গ্ৰেটাৰ লাহিং পানী যোগান আঁচনিখন ৰূপায়নৰ নামত বিভাগীয় ঠিকাদাৰ অভিযন্তাই ব্যাপক লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বিভাগীয় ঠিকাদাৰ আৰু অভিযন্তাৰ চৰম অনিয়ম আৰু লুন্ঠনৰ বাবেই জাঁজী নদীৰ সামান্য এটা বাহনী পানীতে পাম্পটো এনেদৰে উটি যায়।

স্থানীয় দল সংগঠনে এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে বিভাগীয় ঠিকাদাৰ অভিযন্তাৰ বিৰুদ্ধে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে। অন্যথা আছু, কৃষক মুক্তিকে ধৰি দল সংগঠন আৰু ৰাইজে প্ৰতিবাদী কাৰ্য সূচী গ্ৰহণৰ হুংকাৰ দিছে।