মৰিয়নিত ঠিকাদাৰ আৰু ৰে’ল বিভাগৰ চৰম মইমতালিত অতিষ্ঠ স্থানীয় ৰাইজ

মৰিয়নিত নিশা উত্তপ্ত পৰিস্থিতি, ৰেল বিভাগ তথা ঠিকাদাৰৰ কাৰ্যত ক্ষুব্ধ ৰাইজ, যোৰহাট মৰিয়নি পথৰ এক নং ৰে’ল গেট বন্ধ কৰি ৰে’ল বিভাগ তথা বিভাগীয় ঠিকাদাৰে নীতি বহিঃভূত ভাৱে নিৰ্মান কাৰ্য চলাই জনসাধাৰণক হাৰাহাস্তি কৰাৰ অভিযোগ

আমগুৰিঃ মৰিয়নি নগৰৰ মাজত অৱস্থিত ৰেল লাইনৰ প্ৰথম গেটৰ সমীপৰ পথতত ৰেইলৱে চলাই আছে নিৰ্মাণ কাৰ্য, পিছে ঠিকাদাৰ আৰু ৰে’ল বিভাগৰ চৰম মইমতালিত অতিষ্ঠ হৈ পৰিছে স্থানীয় লোকৰ লগতে সাধাৰণ পথাচাৰি। বিভিন্ন সময়ত ৰে’ল বিভাগৰ লগতে ঠিকাদাৰে নীতিবহিঃভূত ভাৱে পথ বন্ধ কৰি নিৰ্মাণ কাৰ্য চলাই জনসাধাৰণক হাৰাহাস্তি কৰাৰ অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত হৈ আহিছে।

সোমবাৰৰ নিশা প্ৰায় ১ ঘন্টাৰ অধিক সময় ৰে’ল গেট বন্ধ কৰি জে চি বি ৰে যোৰহাট মৰিয়নি পথত খননকাৰ্য চলাই জনসাধাৰণক হাৰাহাস্তি কৰাৰ অভিযোগ স্থানীয় লোকৰ। উল্লেখযোগ্য যে নিশা এই যোৰহাট মৰিয়নি মূল পথ ১ ঘণ্টাত কৈ অধিক সময় বন্ধ হৈ থকা ফলত যাত্ৰী সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়।