আমগুৰিঃ যোৰহাট জিলা মৰিয়নিত লোক নিৰ্মাণ বিভাগৰ পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ অভিযোগ। তিনি কোটি ২২ লাখ টকা ব্যয়েৰে নিৰ্মাণ হৈ থকা জেঙনী হাতীজুৰি সংযোগী তিনি কিলোমিটাৰ পথত নিৰ্মাণৰত ৮ টা কালভাৰ্তৰ নিৰ্মাণত বিসংগতি থকাৰ লগতে ঠিকাদাৰ চেলিম হাজৰিকাই নিম্নমানৰ সামগ্ৰী ব্যৱহাৰেৰে কালভাৰ্ট নিৰ্মাণ কৰাৰ অভিযোগ তুলি স্থানীয় ৰাইজে কালভাৰ্ট নিৰ্মাণৰ কাম বন্ধ কৰে।
উল্লেখ যে খোদ লোক নিৰ্মাণ বিভাগৰ কৰ্মচাৰীয়েই কামত বিসংগতি থকাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত স্বীকাৰ কৰাৰ পাছতো কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই লোক নিৰ্মাণ বিভাগে আনহাতে সংবাদ মাধ্যমত বাতৰি পৰিৱেশন হোৱাৰ পাছতেই নিশাই ৰাইজৰ চকুত ধুলি দি নিম্নমানৰ সামগ্ৰীৰে কালভাৰ্টৰ নিৰ্মাণ কাৰ্য চলাই যোৱাৰ অভিযোগ স্থানীয় লোকৰ।
মৰিয়নি ৬১নং কাটনী গাওঁ পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ বি জে পি দলৰ ৱাৰ্ড মেম্বাৰ মহেশ্বৰ গগৈ ঠিকাদাৰ চেলিম হাজৰিকাৰ সৈতে মিলি পথ নিৰ্মাণত লুণ্ঠনৰাজ চলাই যোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।উল্লেখ্য স্থানীয় ৰাইজে অতি নিম্নমানৰ কামৰে স্থাপন কৰা ভগ্নপ্ৰায় এটা কালভাৰ্ট খান্দি ঠিকাদাৰৰ দুৰ্নীতিপৰায়ণ কামৰ নমুনা উদঙাই দিয়ে।