মৰিয়নিঃ পুৱতি নিশা অঘটন বনৰীয়া হাতী খেদিবলৈ গৈ প্ৰাণ গ’ল বনকৰ্মীৰ।
বন্যহস্তীৰ আক্ৰমণত এজন বনকৰ্মী নিহত, তিনিজন আহত।
নিহত বনকৰ্মী জনৰ নাম অতুল কলিতা(৫১)। বনকৰ্মী জনৰ ঘৰ মৰিয়নি ডকলংঙীয়াত, মৰিয়নি নিউ সোনোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ত কৰ্মৰত আছিল বনকৰ্মী জন।
আহত তিনি জন বনকৰ্মী ক্ৰমে ৰাজীৱ বুঢ়াগোহাঁই, পৰাগ জ্যোতি দত্ত আৰু গীৰেন মাহাতু বুলি জানিব পৰা গৈছে।
আহত কেইজনক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হৈছে।
মৰিয়নী গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ দ্বাৰা এই আক্ৰমণ সংঘটিত হৈছে।
বনৰীয়া হাতীৰ খেদিবলৈ গৈ হাতীৰ আক্ৰমণত এজন বনকৰ্মী মৃত্যু হোৱাৰ লগতে তিনিজন বনকৰ্মী আহত হোৱাত অঞ্চলজুৰী তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে। আতংকিত হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ লোকসকল।
নিতৌ বৃদ্ধি পায় আহিছে মৰিয়নি তথা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত হাতীৰ উপদ্ৰৱ