মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱত ডাঃ নন্দিতা কাণ্ডৰ দৰে পুনৰ এক শিশু নিৰ্যাতনৰ ঘটনা ।
ডাঃ নন্দিতা কাণ্ডৰ ঘটনাই অসমত জোকাৰি থকাৰ সময়তে পুনৰ এইখন অসমত মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ চহৰীয়া গাঁৱত শিশু নিৰ্যাতনৰ ঘটনা এটা পোহৰলৈ আহিছে। সাধাৰণ গোবৰ আনিবলৈ যোৱাত অংগনবাদী কৰ্মী মুস্তোফা খাতুনে ৭ বছৰীয়া মাকহীন অতি দৰিদ্ৰ কণমানি ছোৱালী এজনীক মাৰপিট কৰি গুৰতৰভাৱে আহত কৰে। দুৰ্ভগীয়া ছোৱালী জনীৰ দেউতাক অতি দৰিদ্ৰ আৰু খুজি-মাগি খায়। তেনে এক দৰিদ্ৰ পৰিয়ালৰ এজনী কণমানি ছোৱালীক গোবৰ নিয়াৰ কাৰণে ৰছীৰে বান্ধি লাঠিৰে মাৰপিট কৰিবলৈ ধৰাত প্ৰত্যক্ষদৰ্শীয়ে বাধা দিয়ে যদিও প্ৰত্যক্ষদৰ্শীকো আক্ৰমণ কৰিব বিচৰাত প্ৰত্যক্ষদৰ্শী ভয়ত গুচি যায়। অৱশেষত মাহী মাক আহি কৰ্মীজনীৰ ভৰিত পৰে ছোৱালীজনীক বচাবলৈ। অংগবাদী কৰ্মীজনীয়ে ৭ বছৰীয়া কণমানি ছোৱালী এজনীক গোবৰ নিবলৈ অহাৰ দৰে সাধাৰণ কাৰ্য এটাত এনেকৈ অতি নিৰ্মমভাৱে মাৰপিট কৰি শাৰিৰীকভাৱে আঘাত কৰা কাণ্ডই বৃহত্তৰ মৈৰাবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাৰ পাছতেই ছোৱালীজনীৰ মাকে তাইক লগত লৈ ন্যায় বিচাৰি মৈৰাবাৰী থানাত এজাহাৰ দাখিল কৰে। লগতে ন্যায়-বিচাৰ পোৱাৰ ক্ষেত্ৰত সহায়-সহযোগ বিচাৰি শিশু সুৰক্ষা সমিতিকে ধৰি বিভিন্ন দল-সংগঠনলৈ কাতৰ আহ্বান জনাইছে ভুক্তভোগী পৰিয়ালটিয়ে।