ৰঙিয়াৰ মৰাণজনাত ছাত্ৰ ছাত্ৰীৰ মাজত অনুস্থিত কৰা হয় সম্বৰ্ধনা অনুষ্ঠান।
শেহতীয়াকৈ ঘোষনা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ভাল ফলাফল পাবলৈ সক্ষম হোৱা ১৪ গৰাকী ছাত্ৰ ছাত্ৰী লৈ মৰাণজানা অভিমন্যু চ’ছিয়েল হেল্প এচ’চিয়েছন নামৰ এক সেচ্ছাসেবী সংস্থাৰ উদ্যোগত আয়োজন কৰা হৈছে এই সম্বৰ্ধনা অনুষ্ঠান।
কীৰ্তিত্ব অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক মানপত্ৰ, গামোচা, আৰনাই, কিতাপ আৰু এটি গছৰ পুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। কেইবাগৰাকীও সমাজৰ বিশিষ্ট শিক্ষক আৰু সমাজকৰ্মীৰ উপস্থিতিত অনুষ্ঠিত কৰা হয় উক্ত গম্ভিৰ্যপূৰ্ণ অনুষ্ঠানটি।
আনফালে যিকোনো সময়তে আৰ্ত জনৰ ওচৰত থিয় দি অহা মৰাণজানা অভিমন্যু চ’ছিয়েল হেল্প এচ’চিয়েছন নামৰ সেচ্ছাসেবী সংস্থাটোৱে মৰাণজানা অঞ্চলৰ ৩ গৰাকী কৈ অসুখীয়া লোকক আজিৰ অনুষ্ঠানতেই একালিন সাহায্য প্ৰদান কৰে।
অনুস্থানত উপস্থিত থকা কেইবাগৰাকী সমল ব্যক্তিয়ে শিক্ষাৰ ওপৰত ভাষণ প্ৰদান কৰে। ৰঙিয়া মৰাণজানা অভিমন্যু চ’ছিয়েল হেল্প এচ’চিয়েছন নামৰ এক সেচ্ছাসেবী সংস্থাই মৰাণজানা মিলিজুলি প্ৰাথমিক বিদ্যালয়ত সুকমলে অনুষ্ঠিত কৰে এই অনুষ্ঠান। অনুস্থানত শতাধিক লোকে অংশগ্ৰহণ কৰে।