ম্যানমাৰৰ আলফা শিবিৰত শীৰ্ষ আলফা নেতা লাচিত হাজৰিকা সহ দুজনক মৃত্যুদণ্ডৰ শাস্তি

ডিজিটেল ডেক্সঃ ম্যানমাৰৰ অৰণ্যৰ পৰা আকৌ আহিছে অসমবাসীৰ বাবে বেয়া খবৰ৷ নিষিদ্ধ ঘোষিত পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীনৰ ম্যানমাৰৰ শিবিৰত ঘটা ভয়ংকৰ ঘটনাৰ বাতৰিয়ে তোলপাৰ লগাইছে ৰাজ্য । সংগঠনটোৰ অন্যতম শীৰ্ষ জ্যেষ্ঠ নেতাক সংগঠনটোৰ তৰফৰ পৰা মৃত্যুদণ্ডৰ বাতৰিয়ে ইতিমধ্যে আলফাৰ ভিতৰচ’ৰাৰ লগতে অসমত আলোড়নৰ সৃষ্টি কৰিছে।

লাচিত হাজৰিকা ওৰফে ব্ৰিগেডিয়াৰ চেলিমক মৃত্যুদণ্ড দিছে উগ্ৰপন্থী সংগঠনটোৱে । লগতে তিনিচুকীয়াৰ বৰ্ণালী অসম ওৰফে নয়নমণি চেতিয়া নামৰ এগৰাকী সদস্যকো মৃত্যুদণ্ড দিয়াৰ খবৰ । যোৱা ২০ ছেপ্টেম্বৰতে সংঘটিত হোৱা এই ঘটনাটোৰ প্ৰসংগত আলফাৰ তৰফৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি এতিয়ালৈ নিদিলেও সংগঠনটোৰ উচ্চস্তৰীয় সূত্ৰই জনোৱা অনুসৰি সংগঠন বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে দুয়োকে চূড়ান্ত শাস্তি মৃত্যুদণ্ড বিহা হয় ।

আনহাতে, মৃত্যুদণ্ড দিয়া সংগঠনটোৰ শীৰ্ষ নেতা লাচিত হাজৰিকা‌ ওৰফে ‘শিৰোনাম অসম’ আছিল সংগঠনটোৰ মুৰব্বী নেতা পৰেশ বৰুৱাৰ অতিকে ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য পুৰণি নেতা । পাকিস্তানত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল এই শীৰ্ষ নেতাগৰাকীয়ে। সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ অতি বিশ্বস্ত সহযোগী আছিল শিৰোনাম অসম ।

লগতে মৃত্যুদণ্ড দিয়া হৈছে মহিলা কেডাৰ নয়নমণি চেতিয়া ওৰফে বৰ্ণালীক । তিনিচুকীয়াৰ নিবাসী আছিল নয়নমণি । জানিব পৰা মতে নয়নমণিৰ স্বামীও আছিল প্ৰাক্তন আলফা কেডাৰ । আনহাতে আলফাত যোগদান কৰাৰ পূৰ্বে নয়নমণি আছিল প্ৰসিদ্ধ কিকবক্সিং খেলুৱৈ।

সূত্ৰটোৱে জনোৱা অনুসৰি দীঘলীয়া সাংগঠনিক বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আলফা স্বাধীনৰ সংবিধান অনুসৰি মৃত্যুদণ্ড দিয়া হৈছে দুয়োকে। আলফা স্বাধীনে দাবী কৰা অনুসৰি ম্যানমাৰৰ শিবিৰৰ পৰা এটা বৃহৎ দল লৈ পলায়নৰ‌ পৰিকল্পনা কৰিছিল‌ দুয়ো।

ইফালে এই বাতৰিয়ে ৰাজ্য জোঁকাৰি যোৱাৰ পিচতে সামাজিক মাধ্যম যোগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। জি পি সিঙে টুইটাৰত লিখিছে, “জংঘলৰ পৰা অহা খিলঞ্জীয়া যুৱক-যুৱতীৰ মৃত্যুৰ হৃদয় বিদাৰক খবৰ সকলোকে চিন্তিত কৰিছে ৷ অসমৰ যুৱক-যুৱতীসকললৈ মোৰ অনুৰোধ ৷ যিজন ব্যক্তি আৰু সংগঠনৰ বাবে আপোনাৰ জীৱনটো গুৰুত্বপূৰ্ণ নহয় তাৰবাবে আপোনাৰ জীৱন নষ্ট নকৰিব ৷”