মোৰ লক্ষ্য বিশ্বকাপ জয় কৰাঃ কে এল ৰাহুল

Sports Desk: ভাৰতীয় ক্ৰিকেট দলৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুলে বিশ্বকাপ ২০২৩ৰ প্ৰথমখন মেচতে বিস্ফোৰক ইনিংছ খেলি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । প্ৰথমখন মেচতে ৰাহুলে কঠিন পৰিস্থিতিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৯৭ ৰানৰ বিস্ফোৰক তথা ধৈৰ্যশীল ইনিংছ খেলি দলটোক জয়ৰ দিশে আগুৱাই লৈ যায় ।

এই মেচখনত যেতিয়া টিম ইণ্ডিয়াক জয়ী হ’বলৈ ৫ ৰানৰ প্ৰয়োজন হৈছিল, তেতিয়া কে এল ৰাহুলে ছয় মাৰি দলটোক ৬ উইকেটত জয়লাভ কৰাত সহায় কৰিছিল । খেলখনত বিৰাট কোহলীৰ সৈতে ৰাহুলে ভাৰতৰ হৈ এদিনীয়া বিশ্বকাপৰ ইতিহাসত সৰ্ববৃহৎ অংশীদাৰিত্ব গঢ়ি তুলিছিল । কোহলীৰ সৈতে ৰাহুলে চতুৰ্থ উইকেটত ১৬৫ ৰান সংযোজন কৰে ।

এই বিস্ফোৰক প্ৰদৰ্শনৰ পিছত ষ্টাৰ স্প’ৰ্টছৰ সৈতে কথা পাতি কে এল ৰাহুলে কয় যে, ‘‘এটা সময়ত মোক বহুত সমালোচনা কৰা হৈছিল আৰু মোক বহুত ট্ৰ’ল কৰা হৈছিল । সেই সময়ত মোৰ প্ৰদৰ্শন ইমানো বেয়া নাছিল । এই সকলোবোৰ মন্তব্য আৰু সমালোচনাবোৰ ক’ৰ পৰা আহিছিল আৰু কিয় আহিছিল মই বুজিব পৰা নাছিলো । এই সকলোবোৰ মোৰ বাবে বৰ বেদনাদায়ক আছিল আৰু তাৰ পিছত আই পি এলত আঘাতপ্ৰাপ্ত হৈছিলো । ইয়াৰ পিছত মই গম পালোঁ যে মোক সুস্থ হ’বলৈ ৫-৬ মাহ লাগিব । এইটো মোৰ বাবে কঠিন সময় আছিল যদিও ইয়াক অতিক্ৰম কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন হৈছিল । সুস্থ হৈ উঠাৰ সময়ত মই বিশ্বকাপ খেলাৰ সুযোগ পাম নে নাপাম তাকো গম পোৱা নাছিলো ।’’

ৰাহুলে লগতে কয়, ‘‘মই মোৰ চুটি কেৰিয়াৰত যিমান ক্ৰিকেট খেলিছোঁ ভাৰতৰ হৈ খেলিছোঁ ৷ বহুবাৰ আঘাত পাইছোঁ আৰু অস্ত্ৰোপচাৰ হৈছে । এই সকলোবোৰৰ মাজেৰে পাৰ হৈ যোৱাৰ যন্ত্ৰণা মই জানো । এই সময়ছোৱাত মোৰ এটাই লক্ষ্য আছিল যে মই বিশ্বকাপ খেলিব লাগিব আৰু তাৰ বাবে মই বহুদিন ধৰি প্ৰস্তুতি চলাই আছিলোঁ । মই প্ৰতিদিনে নিজকে এইদৰে কৈ সাৰ পাই উঠিছিলো যে এইবাৰ বিশ্বকাপ জিকিব লাগিব । এইটোৱেই আছিল মোৰ বাবে প্ৰেৰণা । এই প্ৰেৰণাই মোক বেয়া সময়ৰ মাজেৰে পাৰ কৰি দিলে । এতিয়া মোৰ লক্ষ্য বিশ্বকাপ জয় কৰা ।