মৈৰাবাৰীত ৰাইজে খেদি খেদি আটক কৰিলে হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰক্ষীক।

ৰাইজে খেদি খেদি আটক কৰিলে হেলমেট পৰিধান নকৰা বাইক আৰোহী আৰক্ষীক।

তুমুল বাক বিতণ্ডা আৰক্ষী আৰু জনতাৰ।

আৰক্ষীয়ে কৰিলে লীলা, ৰাইজে কৰিলে ধৰি বান্ধি কিলা। আজি আবেলি মৈৰাবাৰী বজাৰৰ মূল তিনিআলি (পইণ্টত) আৰক্ষীয়ে হেলমেট পৰিধান নকৰা বাইক আৰোহীক জৰিমনা বিহি থকা অৱস্থাতেই হেলমেট বিহীন ভাৱে গৈ থকা আৰক্ষীক ৰাইজে অৱৰোধ কৰি জবাবদিহি কৰে ।

কেইবা শতাধিক ৰাইজে আৰক্ষী জোৱানজনক ঘেৰাও কৰি পৰিস্থিতি উত্তাল কৰি তোলে।
অৱশেষত মৈৰাবাৰী আৰক্ষী থানাৰ বিষয়াৰ হস্তক্ষেপত পৰিস্হিতি শাম কাটে।