মৈৰাবাৰীত যৌতুক দাবী কৰি কইনাঘৰৰ ৰোষত পৰিল দৰা

মৈৰাবাৰীত বিয়া কৰিবলৈ আহি যৌতুকত বাইক দাবী কৰি কন্যাৰ পৰিয়ালৰ ৰোষত পৰিল দৰা।

মৰিগাঁও জিলাৰ মৈৰাবাৰীত যৌতুক দিব নোৱাৰাত ৰভাস্থলীৰ পৰা বিদায় লবলগা হল এজন দৰাই।

নগাঁৱ জিলাৰ চতিয়ান গাঁৱৰ তফিৰুদ্দিন ইছলামৰ পুত্ৰ জহিৰুল ইছলাম নামৰ যুৱক জনৰ লগত মৈৰাবাৰীৰ এগৰাকী যুৱতীৰে বিয়াৰ সকলো আয়োজন সম্পূৰ্ণ হৈছিল।

যৌতুকত বাইক দিবলৈ অক্ষম কইনা ঘৰে ইতিমধ্যে বিয়াৰ সকলো আয়োজন সম্পূৰ্ণ কৰিছিল যদিও দৰাৰ পিতৃয়ে বিয়াৰ ঠিক আগমুহূৰ্তত ফোন যোগে কন্যাৰ পিতৃক পালচাৰ বাইক আৰু ফাৰ্নিচাৰ দাবী কৰাত উপায়হীন হৈ পৰে কইনা ঘৰৰ মানুহ আৰু অথন্তৰ লাগে বিয়া ঘৰত ।

অৱশেষত স্থানীয় ৰাইজৰ সহযোগত দৰাৰ পিতৃ আৰু দৰাক আবদ্ধ কৰি জবাবদিহি কৰাৰ লগতে কইনা নিদিয়াকৈয়ে উভতাই পঠাই দৰা ঘৰৰ মানুহক ।