মৈৰাবাৰীত বুধবাৰে আৰক্ষীৰ জোৱান এজনে হেলমেট পৰিধান নকৰাকলৈ এক ভুল বুজাবুজিৰ পৰিণতিত সৃষ্টি হৈছিল এক অনাকাংক্ষিত পৰিস্থিতিৰ।
👉 এই লৈ D G P জি পি সিঙৰ twite ৰ পাছতেই মৈৰাবাৰী আৰক্ষীৰ একশ্যন মোড আৰম্ভ। বুধবাৰে মৈৰাবাৰী বজাৰত পুলিচ পইন্টত নাকা চেকিং কৰি আছিল।
👉হেলমেত পৰিধান নকৰা বহু বাইক আৰোহী সকলৰ বাইক জব্দ কৰিছিল আৰক্ষীয়ে। তেনে সময়তে জব্দ কৰা বাইক এখন আৰক্ষীৰ জোৱান এজনে থানালৈ লৈ গৈ আছিল।
👉বাইকখন চলাই লৈ গৈ থকা অৱস্থাত আৰক্ষী জোৱান এজনক হেলমেট কিয় পৰিধান কৰা নাই বুলি একাংশ লোকে ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল।
👉কৰ্তব্যৰত আৰক্ষী জোৱানজনক বাইক ৰখাই জবাৱ দিহী কৰাৰ লগতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা ৮ জনকৈ লোকক বৰ্তমান মুহূৰ্তলৈকে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষী গ্ৰেপ্তাৰ কৰা লোকসকল হল ৰিব্বুল হুছেইন, জাকাৰিয়া, বাহাৰুল ইছলামৰ, দিলদাৰ হুছেইন, খাইৰুল ইছলাম, ইমদাদুল হুছেইন। মৈৰাবাৰিত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক ৰ লগতে কেইবাজনো বিষয়া উপস্থিত হৈ ঘটনাৰ লগত জৰিত লোকক সকলৰ সন্ধানত মৰাথান অভিযান অব্যাহত ৰাখিছে।