সোমবাৰে সন্ধিয়া মেঘালয়ত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ কার্যালয় ঘেৰাও কৰা এদল উন্মত জনতাৰ সৈতে হোৱা সংঘর্ষত কমেও সাতজন মেঘালয় আৰক্ষী আহত হয়৷ উত্তেজিত দলটোৱে শিলগুটি নিক্ষেপ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে চাংমা আৰু তেওঁৰ কেবিনেটৰ জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰীগৰাকী কাৰ্যালয়ৰ ভিতৰত আবদ্ধ হৈ পৰে । ৰাইজক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে কন্দুৱা গেছৰ গোলাবৰ্ষণৰ আশ্ৰয় লয় ।
মুখ্যমন্ত্ৰী আৰু এগৰাকী কেবিনেট মন্ত্ৰী তথা প্ৰশাসনৰ শীৰ্ষ বিষয়াই এটা গাৰো গোটৰ সৈতে আলোচনা চলাই থকাৰ মাজতে এটা উত্তেজিত দলে ঘেৰাও কৰে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ৷
মুখ্যমন্ত্ৰী কনৰাড চাংমা সেই সময়ত তুৰাক ৰাজ্যখনৰ শীতকালীন ৰাজধানী হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই অহা আ’চিক কনচিয়াছ হোলিষ্টিকলি ইন্টিগ্ৰেটেড ক্ৰীমাৰ সৈতে বৈঠকত মিলিত হৈছিল ।
আচিক কনচিয়াছ হোলিষ্টিকলি ইন্টিগ্ৰেটেড ক্ৰীমাই পশ্চিম গাৰো পাহাৰ জিলাৰ মুখ্য কাৰ্যালয় টুৰাক মেঘালয়ৰ শীতকালীন ৰাজধানী হিচাপে ঘোষণা কৰাতো বিচাৰিছে ৷ কিন্তু এই দাবীক আন বিভিন্ন গোটে প্ৰত্যাহ্বান জনোৱা পৰিলক্ষিত হৈছে, যিসকলে শ্বিলং বৰ্তমানৰ দৰে কেৱল ৰাজধানী হোৱাটো বিচাৰে । ইয়াৰ উপৰিও আচিকে ৰাজ্যখনৰ চাকৰি সংৰক্ষণ নীতিৰ বিস্তৃত পৰ্যালোচনাৰ বাবে অনুৰোধ জনায় ।
প্ৰায় ১০০০ জন লোকক ছত্ৰভংগ দিয়াৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছৰ গোলা নিক্ষেপ কৰিবলগীয়া হয় ৷ যাৰ ফলত অঞ্চলটোত অধিক অশান্তি আৰু উত্তেজনাৰ সৃষ্টি হয় । হঠাতে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ আঁৰৰ নিৰ্দিষ্ট কাৰণ এতিয়াও সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই ৷ অৱশ্যে এই আক্ৰমণৰ তদন্ত অব্যাহত আছে । আৰক্ষীৰে হোৱা সংঘৰ্ষত কমেও ৭ জন আৰক্ষী আহত হয় ।
পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী কনৰাড চাংমাই এই দুৰ্ভাগ্যজনক ঘটনাক লৈ গভীৰ দুখ প্ৰকাশ কৰে । এই হিংসাত্মক কাৰ্যৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি তেওঁ আশ্বাস দিয়ে ।