মুঠ ৯ বাৰ ধাৰাবাহিক ভাবে ১০০ শতাংশ উত্তীৰ্ণ : পশ্চিম চামতা হাইস্কুল

নলবাৰী জিলাৰ পশ্চিম চামতা হাইস্কুল খনে ২০১০ বৰ্ষৰ পৰা আজিলৈ মুঠ ৯ বাৰকৈ মেট্ৰিকত ১০০শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ কৰোৱাই আছে যদিও এইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ত আন্তঃগাঁঠনিৰ অভাৱ। উন্নত ফলাফলৰ পিছতো চৰকাৰী অনুদান লাভ কৰা নাই । মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এপাক বিদ্যালয়খনলৈ আহিবলৈ কাতৰ আহ্বান বিদ্যালয় প্ৰধানৰ ।

প্রজ্ঞাৰ গৰিমাৰে উদ্ভাসিত নলবাৰী জিলাৰ এখন চৰকাৰী মাধ্যমৰ বিদ্যালয় হল পশ্চিম চামতা হাইস্কুল। মেট্ৰিক পৰীক্ষাত এইবেলিও ১০০ শতাংশ উত্তীৰ্ণ হৈছে এই বিদ্যালয়ৰ শিক্ষাৰ্থী।উল্লেখযোগ্য ২০১০ বৰ্ষৰ পৰা আজিলৈ মুঠ ৯ বাৰ এশ শতাংশ শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে ।২০১০ বৰ্ষৰ পৰা ২০১৩, বৰ্ষলৈ আৰু ২০১৮ বৰ্ষৰ পৰা ধাৰাবাহিক ভাবে ২০২১ বৰ্ষলৈ ১০০ শতাংশ উত্তীৰ্ণ এই বিদ্যালয়ৰ শিক্ষাৰ্থী।পিছে বিদ্যালয় খনত আন্তঃগাঁঠনিৰ অভাৱ । এজাক বৰষুণ পৰিলেই শ্ৰেণী কোঠা পানীৰে উপচি পৰে। নাই আধুনিক পুথিভঁৰাল, নাই চাইকেল ষ্টেণ্ড।কাৰণ উন্নত ফলাফল দেখুওৱা এইখন চৰকাৰী মাধ্যমৰ বিদ্যালয়ে আজিলৈ পোৱা নাই চৰকাৰী অনুদান।

মাধ্যমিক শিক্ষা সঞ্চালক ৰ পৰা আৰু জিলা প্ৰশাসনৰ পৰা বঁটা,বাহন লাভ কৰা এই নিদ্যালৰ কৃতি শিক্ষক ৰ বঁটা লাভ কৰা প্ৰধান শিক্ষক ভগবান বৰ্মনে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক এবাৰ বিদ্যালয়লৈ আহি অৱস্থাৰ বুজ লবলৈ কাতৰ আহ্বান জনাইছে।

উল্লেখযোগ্য স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও চকু মেলি চোৱা নাই উন্নত ফলাফল দেখুওৱা এই খন চৰকাৰী বিদ্যালয়ক।প্রজ্ঞাৰ সাধনাত ব্যস্ত পশ্চিম চামতা হাইস্কুলে উন্নত শিক্ষাৰ বাবে নতুন ৰূপ -ৰেখা অংকন কৰিবলৈ সেউজীয়া সপোন পুহি ৰাখিছে যদিও এই বিদ্যালয় খনৰ প্ৰতি চৰকাৰে চকু মেলি চাবনে !

Leave a Reply

Your email address will not be published. Required fields are marked *