মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উৰুৱাই দিয়াৰ ভাবুকি! কোনে দিলে এই ভাবুকি?

গুৱাহাটীঃ এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভাবুকি! মুখ্যমন্ত্ৰীক ভাবুকি দি পোষ্টাৰিং দুৰ্বৃত্তৰ। কামৰূপ জিলাৰ আগিয়াঠুৰিৰ কেইবাস্থানতো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উৰুৱাই দিয়াৰ ভাবুকিৰে পথৰ কাষৰ গছত দুৰ্বৃত্তই আঁৰিলে পোষ্টাৰ।

পোষ্টাৰবোৰ কামৰূপ জিলাৰ আগয়াথুৰী অঞ্চলত, গণেশ মন্দিৰৰ ওচৰত পোৱা গৈছে, যিটো পূৰ্বৰ জালুকবাৰী সমষ্টিৰ ভিতৰত আছিল আৰু এতিয়া হাজোৰ অংশ।

মুখ্যমন্ত্ৰীয়ে যি কাম কৰি আছে সেয়া বেয়া কাম কৰিছে বুলি অসমীয়াতে উল্লেখ কৰি কাম বন্ধ নকৰিলে উৰুৱাই দিয়াৰ ভাবুকি দিছে দুৰ্বৃত্তই। ভাবুকি ভৰা মেছেজৰ তলতে ‘ভমচে’ বুলি লিখা আছে পোষ্টাৰত।

এই ঘটনাৰ খবৰ পোৱা মাত্ৰেই সেই স্থানত আৰক্ষীৰ দল উপস্থিত হৈ পোষ্টাৰসমূহ এৰুৱাই পেলায়। দদৰা আৰক্ষীয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।