সদৌ অসম সত্ৰ মহাসভা’ৰ বৰপেটা জিলা পূৰ্ণাংগ সমিতি গঠন।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ “সত্ৰ সাৰথী” বটাঁ প্ৰদান কথা ঘোষণা কৰিলে : সদৌ অসম সত্ৰ মহাসভা’ই
‘সদৌ অসম সত্ৰ মহাসভা’ৰ বৰপেটা জিলা সমিতিখন ‘সদৌ বৰপেটা জিলা সত্ৰ মহাসভা’ নামেৰে আজি গঠন কৰা হয়। এই উপলক্ষে ৰহাৰ ঐতিহাসিক ঘিলাঝাৰী সত্ৰৰ সত্ৰাধিকাৰ দিপেন্দ্ৰ নাৰায়ণ অধিকাৰীৰ সভাপতিত্বত সৰভোগৰ ঐতিহাসিক মইনবড়ী সত্ৰত দিনৰ দুই বজাত বৰপেটা জিলাৰ বিভিন্ন সত্ৰ, নামঘৰ তথা আধ্যাত্মিক ক্ষেত্ৰৰ পৰা অহা লোকসকলৰ উপস্থিতিত অনুষ্ঠিত ৰাজহুৱা সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি ‘সদৌ অসম সত্ৰ মহাসভা’ৰ সভাপতি তথা শ্রীশ্ৰী গড়মূৰ সৰুসত্ৰ, মাজুলীৰ সত্ৰাধিকাৰ, হৰিদেৱ গোস্বামীয়ে কয় যে, সত্ৰীয়া কলা-সংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা বিকাশৰ লগতে গুৰুজনাৰ সৃষ্টি, আদৰ্শ আৰু কৰ্মৰাজিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত ‘সদৌ অসম সত্ৰ মহাসভাই সদায় কাম কৰি যাৱ । সদৌ অসম সত্ৰ মহাসভা’ই অহা ১৭ জুনত গোলাঘাট জিলাৰ বোকাখাটত অনুষ্ঠিত হব লগা সত্ৰাধিকাৰ-সন্ত সন্মিলনত মুখ্যমন্ত্ৰীক এই বটাঁ প্ৰদান কৰা হব বুলি সদৰী কৰে। সভাত ‘সদৌ অসম সত্ৰ মহাসভা’ৰ সম্পাদক তথা শ্ৰীশ্ৰী তামোলবাৰী সত্ৰৰ সত্ৰাধিকাৰ হিৰণ্য কুমাৰ গোস্বামী, মইনবড়ী সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ গনেশ চন্দ্ৰ অধিকাৰী, ডেকা সত্ৰাধিকাৰ ধৰ্মেশ্বৰ অধিকাৰী আদি কৰি কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অৰূপ পাঠক, উপ সভাপতি দুৰ্গাচন্দ্ৰ দাস সহিতে বিষয়ববীয়া সকল উপস্থিত থাকে। উক্ত সভাতে বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক ভাৰত চৰকাৰৰ সংগীত নাটক একাডেমী বঁটা প্ৰাপক গুনীন্দ্ৰ নাথ ওজাক বৰপেটা জিলা সমিতিৰ সভাপতি, মইনবড়ী সত্ৰৰ যুৱ সত্ৰীয়া অপূৰ্ব অধিকাৰী কাৰ্যকৰী সভাপতি, বৰপেটাৰোড শাখা সত্ৰৰ মনজিৎ দাসক সম্পাদক লগতে সহকাৰী সম্পাদক হিচাপে হিমাংশু দাস, দিলীপ নাথ, ভৱানন্দ দাস পাঠক, প্ৰনৱ বৰ্মনক দ্বায়িত্ব প্ৰদান কৰি সৰ্বমুঠ ৫১ জনীয়া জিলা সমিতিখন গঠন কৰা হয়।