মুখ্যমন্ত্ৰীৰ নিৰ্দেশঃ তদন্ত হ’ব পশ্চিমবংগৰ বিশ্ববিদ্যালয়ৰ পৰা লোৱা ‘বিএড’ আৰু ‘ডিএল এড’ ডিগ্ৰী লোৱা সকলৰ

পশ্চিমবংগৰ একাংশ বিশ্ববিদ্যালয়ে ধনৰ বিনিময়ত ভুৱা বি এড অথবা ডি এল এড ডিগ্ৰী প্ৰদান কৰি আহিছে এইদৰে লাভ কৰা ভুৱা ডিগ্ৰীত ৯৮, ৯৯ শতাংশ পৰ্যন্ত নম্বৰ লাভ কৰিছে একাংশই। আৰু সেই ভুৱা ডিগ্ৰীলৈয়ে অসমত বহুতে অসমৰ শিক্ষাখণ্ডত নিযুক্তি লাভ কৰিছে বুলি অভিযোগ উত্থাপিত হৈ আহিছিল।

শিক্ষিত নিবনুৱাক বঞ্চিত কৰি বহিঃৰাজ্যৰ পৰা এইদৰে ভুৱা ডিগ্ৰী গ্ৰহণ কৰি নিযুক্তি লাভ কৰাসকলৰ ডিগ্ৰীৰ বৈধতা পৰীক্ষাৰ নিৰ্দেশ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।

তেখেতৰ নিৰ্দেশত শিক্ষাবিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে । অসম চৰকাৰৰ স্কুল এড্যুকেশ্যন ডিপাৰ্টমেণ্ট, দিছপুৰৰ পৰা প্ৰেৰণ কৰা পত্ৰ নং eCF No. 284755/5 ত স্কুল এড্যুকেশ্যন বিভাগৰ সচিব তথা আই এ এছ নাৰায়ণ কোঁৱৰে মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা পত্ৰ নং CMS.38/2022/Vol-1/262 dated 10.05.2023 ৰ বিষয়ে উল্লেখ কৰি এলিমেণ্টেৰি এড্যুকেশ্যন সঞ্চালকালয় আৰু ছেকেণ্ডেৰী এড্যুকেশ্যন সঞ্চালকালয়ক পশ্চিমবংগৰ বিভিন্ন বিশ্ববিদ্যালয়ে প্ৰদান কৰা ভুৱা বি এড আৰু ডি এল এড ডিগ্ৰী পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে।

ৰাজ্যত শিক্ষক হিচাপে নিযুক্তিপ্ৰাপ্ত এই ভুৱা ডিগ্ৰীধাৰী সকল চিনাক্ত হ’লে বহু উপযুক্ত শিক্ষিত নিবনুৱাৰ ভাগ্য উদয় হ’ব বুলি সচেতন মহলে আশা কৰিছে।