মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য পুজিৰ চেক বিতৰণ কৰিলে সাংসদ দিলীপ শইকীয়াই৷
শনিবাৰে সন্ধিয়া নলবাৰী সমষ্টিৰ অন্তৰ্গত ১১ নং দেহাৰকুছি গাওঁ পঞ্চায়তৰ অধীনস্থ পূৰ্ণকামদেৱ (মোমাইতোলা)ত মুখ্যমন্ত্ৰীৰ চিকিৎসা সাহাৰ্য্য পুজিৰ চেক বিতৰণ কৰে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ৷
তদুপলক্ষে পূৰ্ণকামদেৱ প্ৰাথমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানত চেক বিতৰণ কৰি সাংসদ গৰাকীয়ে কয় যে আমি সকলোৰে দুখৰ সমভাগি হব খোজো ৷ সেইবাবে আমি আপোনালোকক সামন্য সাহাৰ্য্য আগবঢ়ালো ৷ তাৰবাবে আপোনৰলোকে অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ দিয়ক ৷ বিজেপি কাৰ্য্যকৰ্তা দীজেন লহকৰে আতধৰা চেক বিতৰণ অনুষ্ঠানত দেহাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মাৰ লগতে কেইবাজনো বিজেপিৰ কাৰ্য্যকৰ্তা উপস্থিত থাকে ৷ অনুষ্ঠানত দেহাৰকুছি পঞ্চায়তকে ধৰি অন্য কেইবাখনো পঞ্চায়তৰ প্ৰায় অৰ্ধশতাধিক ৰোগীয়া লোকক চেক বিতৰণ কৰে ৷