মুখ্যমন্ত্ৰীৰ ঘোষণা: ৰাজ্যৰ ৩ লাখ আত্মসহায়ক গোটৰ ৩০ লাখ মহিলাক ১০ হাজাৰ টকাৰ সাহায্য ৰাজ্য চৰকাৰে প্ৰদান কৰিব ।

মাজুলীৰ জেংৰাইমুখৰ বনমালী ক্ষেত্ৰত ৪ দিনীয়াকৈ আয়োজন কৰা “জনজাতীয় মহিলাৰ আধ্যাত্মিক কৰ্মশালা”ত আজি উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। নাৰী সমাজক সবলীকৰণৰ ক্ষেত্ৰত আধ্যাত্মিক যুৱ সন্মিলনৰ প্ৰচেষ্টা সফল কৰাৰ বাবে শ্ৰীশ্ৰীদক্ষিণপাট সত্ৰৰ এই প্ৰচেষ্টাৰ প্ৰশংসা কৰে মুখ্যমন্ত্ৰীয়।

অনুষ্ঠানত আধ্যাত্মিক যুৱ সন্মিলন-২০২৩ উদযাপন সমিতিৰ সভাপতি তথা শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী, কাৰ্যকৰী সভাপতি ড° ইন্দ্ৰনীল পেগু, প্ৰধান সম্পাদক শ্ৰী মন ৰাজগুৰুৰ লগতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Dr. Ranoj Pegu), বিধায়ক মানৱ ডেকা, ভূবন গাম, সাংসদ প্ৰদান বৰুৱাও উপস্থিত থাকে।

উক্ত অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ ৩ লাখ আত্মসহায়ক গোটৰ ৩০ লাখ মহিলাক ১০ হাজাৰ টকাৰ সাহায্য ৰাজ্য চৰকাৰে প্ৰদান কৰিব বুলি উল্লেখ কৰে।