মুকালমুৱাত বৰক্ষেত্ৰী সাৰ্ব্বজনীন দুৰ্গোৎসৱ কমিটিৰ ৪৭ সংখ্যক দুৰ্গা পূজাৰ আয়োজন।

বৰক্ষেত্ৰীঃ শাৰদীয় দুৰ্গা পূজা উপলক্ষে সমগ্ৰ ৰাজ্যতে এক উখল মাখল পৰিবেশ। ব্যতিক্ৰম নহয় মুকালমুৱাতো। মুকালমুৱাত বৰক্ষেত্ৰী সাৰ্ব্বজনীন দুৰ্গোৎসৱ কমিটীৰ দুৰ্গা পূজাৰ আয়োজন। এইবাৰ ৪৭ বৰ্ষত ভৰি দিয়া বৰক্ষেত্ৰী সাৰ্ব্বজনীন দুৰ্গোৎসৱ কমিটিয়ে ১৩ লাখ টকা ব্যয় সাপেক্ষে আয়োজন কৰা দুৰ্গোৎসৱৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে।

GMDAৰ অধ্যক্ষ তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ বৰঙণিৰে নিৰ্মাণ কৰা মা দুৰ্গাৰ স্থায়ী প্ৰতিমা নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে। ৬ দিনীয়া বিভিন্ন কাৰ্যসূচীৰে ২০ অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব শাৰদীয়ে দুৰ্গোৎসৱ।

অসমৰ আগশাৰীৰ দুখনকৈ ভ্ৰাম্যমাণ থিয়েটাৰ আবাহন থিয়েটাৰ আৰু ৰাজমুকুট থিয়েটাৰে নাট প্ৰদৰ্শন কৰিব এইবাৰৰ দুৰ্গি পূজাত। এইবাৰৰ দুৰ্গোৎসৱত অসংখ্য ভক্তৰ সমাগম হোৱাৰ আশা কৰিছে পূজা কমিটিয়ে।
