মাৰ্ঘেৰিটাৰত সদৌ অসম ভুমিলেখ্য কৰ্মচাৰী সন্মিলনী সংবাদ মেল।
মাৰ্ঘেৰিটাঃ সদৌ অসম ভূমিলেখ্য কৰ্মচাৰী সন্মিলনীৰ ৯৭ সংখ্যক কেন্দ্ৰীয় অধিৱেশনখনি অহা ইং ২৩ আৰু ২৪ ডিচেম্বৰ ২০২৩ তাৰিখে মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে উদযাপন কৰিবলৈ দিহা কৰিছে।
ঠকেন্দ্ৰীয় অধিবেশনৰ উপলক্ষ্যত উদযাপন সমিতিৰ প্রতিযোগিতা বিভাগৰ উদ্যোগত এলানি প্রতিযোগিতা ৭ অক্টোবৰ, ২০২৩ পৰা আয়োজন কৰা হৈছে। আয়োজিত প্রতিযোগিতাত ৰাইজৰ অকুণ্ঠ সহযোগিতা, উপস্থিতি আৰু অংশগ্রহণ কামনা কৰি আজি মাৰ্ঘেৰিটা চক্ৰবিষয়া কাৰ্য্যালয়ত সংবাদ মেলৰ আয়োজন কৰা হৈছে।