মাৰ্ঘেৰিটাত বিশাল ভাগৱত ভ্ৰমণ ও ধৰ্মীয় সাংস্কৃতিক শুভাযাত্ৰা।
কেইবা সহশ্ৰাধিক ভকত বৈষ্ণৱৰ নাম কীৰ্তনে মোহিত কৰিলে সাধাৰণ পথছাৰীক।

মাৰ্ঘেৰিটাঃ হৰি নামৰ ৰসেৰে মুখৰিত হৈ পৰিল মাৰ্ঘেৰিটা আকাশ বতাহ। ভকত বৈষ্ণৱ, আই মাতৃৰ নাম প্ৰসঙ্গ তথা দিহা নামে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰিলে মাৰ্ঘেৰিটাৰ বৃহত্তৰ অঞ্চল।

জগতগুৰু শ্ৰীমন্ত শংকৰ দেৱৰ ৫৭৫ তম আৰ্বিভাৱ মহোৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে পুৱাৰ ভাগত ধৰ্মীয় ধ্বজ্বা উত্তোলন বৃক্ষৰোপণ ড: নবীন বৰুৱা দেৱে বৃক্ষ ৰূপন কৰে। প্ৰায় ১১৮ টি এই অনুষ্ঠানত গছ পুলি ৰূপন কৰে আৰু প্ৰতি নামঘৰলৈ এটি কৈ গছপুলি বিতৰণ কৰে, মাৰ্ঘেৰিটাত এক বিশাল ভাগৱত ভ্ৰমণ ও সাংস্কৃতিক ধৰ্মীয় শুভযাত্ৰা উলিওৱা হয়।

মাৰ্ঘেৰিটা মহকুমা নামঘৰ সমূহৰ সৌজন্যত তথা মাৰ্ঘেৰিটা মহকুমা শংকৰ জন্মোৎসৱৰ উৎযাপন সমিতিৰ উদ্যোগত এই ভাগৱত ভ্ৰমণ ও ধৰ্মীয় সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে মাৰ্ঘেৰিটা বিধায়ক ভাস্কৰ শৰ্মাই।

উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমা নামঘৰ সমূ্হৰ শংকৰ জন্মোৎসৱৰ উৎযাপন সমিতিৰ সৌজন্যত ২৪ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্তেম্বৰলৈ অনুষ্ঠিত কৰিবলৈ লোৱা শংকৰ জন্মোৎসৱৰ দেওবাৰে আছিল দ্বিতীয় দিন। দ্বিতীয় দিনা দিনৰ ভাগত উলিওৱা এই ভাগৱত ভ্ৰমণ ও ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠানত মহকুমাটো অন্তৰ্গত বিভিন্ন নামঘৰ সমূ্হৰ পৰা অহা শতাধিক সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে। আকাশে বতাহে কেৱল হৰিৰ নামৰ গুঞ্জন শুনিবলৈ পোৱা যায়। মাৰ্ঘেৰিটা মহকুমা নামঘৰ সমূ্হৰ সৌজন্যত অনুষ্ঠিত শংকৰ জন্মোৎসৱৰ ভাগি অহা ২৭ ছেপ্টেম্বৰত সামৰণি পৰিব।