মাৰ্ঘেৰিটাঃ আজি ড়মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত অসমৰ বিজেপি চৰকাৰে পুনৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ প্ৰতিবাদত তথা অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মহাপ্ৰবন্ধকে প্ৰকাশ কৰা চাৰ্কুলাৰ দাহেৰে মঙলবাৰে মাৰ্ঘেৰিটা বাছ ষ্টেণ্ডৰ সমিপত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ কমিটিয়ে। ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি তৰা প্ৰসাদ দিহিঙীয়াৰ নেতৃত্বত অৰ্ধ শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি পৰিৱেশ উত্তাল কৰি তুলে।