মাৰ্ঘেৰিটাঃ ভাষিক সংখ্যালঘু উন্নয়ণ পৰিষদৰ চেয়াৰ মেন শিলাদিত্য দেৱ আজি মাৰ্ঘেৰিটাত আহি উপস্থিত হয়।
দেৱ মাৰ্ঘেৰিটাত উপস্থিত হোৱাৰ পিছতে সদৌ অসম বাঙালী পৰিষদৰ বিষয়ববীয়াই সম্বৰ্ধনা জ্ঞাপন কৰে। তেওঁৰ উদ্দেশ্য সদৌ অসম বাঙালী পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতি গঠন কৰা হয়।
শিলাদিত্য দেৱে যোৱা তিনিদিন ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত সভা সমিতি পাতি সমিতি গঠন কৰি বিভিন্ন মন্দিৰলৈ আৰ্থিক অনুদান আগবঢ়োৱাৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা ৰাম ঠাকুৰ মন্দিৰৰ বাবে দহ লাখ টকা আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা উল্লেখ কৰে।
মাৰ্ঘেৰিটাত শিলাদিত্য দেৱ উপস্থিত হোৱাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিৰ লগতে কেইবাটাও আঞ্চলিক সমিতিয়ে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ।
শিলাদিত্য দেৱ মুৰ্দাবাদ, শিলাদিত্য দেৱ গ’ বেক ধ্বনিৰে মাৰ্ঘেৰিটাৰ সভাস্থলি কঁপাই তোলা পৰিলক্ষিত হয়।
প্ৰতিবাদত উপস্থিত থাকে সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন কেন্দ্ৰীয় সমিতিৰ সম্পাদক অজিত দেৱনাথ, তিনিচুকীয়া জিলা সমিতিৰ সাধাৰণ সম্পাদক সুভ্ৰজিত নন্দী, কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা অনুপ বিশ্বাস, এডভাইজাৰ ৰবীন্দ্ৰ নাথ দত্ত, প্ৰশাসনিক সম্পাদক দেৱাংশু ৰয় আদি।