মানৱ অধিকাৰ সংগ্ৰাম সমিতি (মাছ)ৰ,শিৱসাগৰ শ্বহীদ দিৱস আৰু পৰাগ স্মৰণ সভা

অসমবাসীৰ অধিকাৰ প্ৰতিষ্ঠাৰ সংগ্ৰামখনৰ অগ্ৰণী নেতা, ‘মাছ’ৰ প্ৰতিষ্ঠাপক সচিব প্রধান তথা সাহসী সাংবাদিক বীৰ পৰাগ কুমাৰ দাসক ১৯৯৬ চনৰ ১৭ মে’ তাৰিখে দিন-দুপৰতে গুলীয়াই হত্যা কৰা হৃদয় বিদাৰক ঘটনাটো সকলোৱে নিশ্চয় পাহৰিব পৰা নাই।

মানৱ অধিকাৰ আন্দোলনৰ অগ্ৰণী নেতা পৰাগ কুমাৰ দাসৰ আদর্শ শিৰোগত কৰি মানৱ অধিকাৰ ৰক্ষাৰ্থে আপোচহীন ভাৱে যুঁজি যোৱা সময়চোৱাত ‘মাছ’ৰ কেইবাগৰাকীও সতীৰ্থই ৰাষ্ট্ৰবাহিনী আৰু প্ৰতি বিপ্লৱী ঘাতকৰ হাতত প্ৰাণ হেৰুৱাইছে। জাতীয় বীৰ শ্বহীদ পৰাগ কুমাৰ দাসৰ মৃত্যু তাৰিখ ১৭ মে’ দিনটো ১৯৯৬ চনৰ পিচৰে পৰা ‘মাছ’এ শ্বহীদ দিৱস ৰূপে পালন কৰি আহিছে।

পৰাগ দাসৰ হত্যাৰ অভূতপূৰ্ব তথা অবিস্মৰণীয় প্ৰতিবাদ যোগে অসমবাসীয়ে হত্যাকাৰীৰ শাস্তিৰ বাবে জনোৱা দাবীৰ প্ৰতি চৰকাৰ আৰু ন্যায় ব্যৱস্থাই আজিকোপতি যথোচিত গুৰুত্ব প্ৰদান নকৰিলে। পৰাগ দাসৰ এনে দুখজনক পৰিস্থিতি সন্মুখত লৈয়ে এইবাৰো আজি শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাৱত ‘মাছ’ৰ শ্বহীদ দিৱস আৰু জাতীয় শ্বহীদ ‘পৰাগ দাসৰ স্মৰণত শীৰ্ষক “মানৱ অধিকাৰ আৰু সাম্প্ৰতিক পৰিস্থিতিত সাহসী, নির্ভীক, বিশিষ্ট সাংবাদিক পৰাগ কুমাৰ দাসৰ প্ৰাসংগিকতা” বিষয়ৰ ওপৰত আলোচনা সভা আয়োজন কৰে । লগতে অসমীয়া সমাজ আৰু জীৱনত বিশেষ অৰিহনা আগবঢ়োৱা বিশিষ্ঠ সমাজকর্মী তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষা দিপালী চলিহা আৰু বিশিষ্ট শিক্ষাবিদ তথা মানৱ অধিকাৰ কৰ্মী ঘনশ্যাম শৰ্মাক সম্বৰ্ধনা জনোৱা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *