মানিকপুৰত প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰীৰ অসহযোগ আন্দোলন

প্ৰধান শিক্ষকৰ পদ অবিহনে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰে চলি আছে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়। মাণিকপুৰ প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ হাতে হাতে চৰকাৰে প্ৰদান কৰা টেবলেট প্ৰশিক্ষণত অসহযোগ।

সমগ্ৰ ৰাজ্যৰ লগতে বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ১১৭ খন প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকে ‘শিক্ষা সেঁতুৰ’ অধীনত লাভ কৰা টেবলেটৰ ওপৰত আজি এক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু মহকুমা শিক্ষক সন্মিলনীৰ আওতাত থকা সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে অসহযোগ আন্দোলনৰ ঘোষনা কৰি প্ৰশিক্ষণ লোৱাৰ পৰা বিৰত থাকে। চৰকাৰে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰালৈকে ‘শিক্ষা সেঁতুৰ’ বিৰোধিতা কৰাৰ লগতে ‘শিক্ষা সেঁতুৰ’ কামত অসহযোগ কৰাৰ লক্ষ্যৰে এই ব্যতিক্ৰমী প্ৰতিবাদ শিক্ষক সকলৰ।

আনহাতে যোৱা ২২ মে তাৰিখে শিক্ষক সকলে টেবলেট সমূহ ঘুৰাই দিবলৈ আহিল ঠিকে, পিছে টেবলেট সমূহ জমা নাৰাখিলে শিক্ষা খণ্ডৰ কাৰ্যালয়ে। শিক্ষক সকলৰ ক্ষোভ, বছৰ বছৰ ধৰি পদহীন পদত জ্যেষ্ঠতাৰ ভিত্তিত প্ৰাথমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব পালন কৰি আহিছে শিক্ষক সকলে। কিন্তু চৰকাৰে আজিলৈকে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰিলে। সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনৰ আহ্বানত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ দাবীত ৰাজ্যজুৰি এতিয়া এনেদৰে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক সকলে প্ৰতিবাদ সাব্যস্ত কৰা দেখা যায়।

Leave a Reply

Your email address will not be published. Required fields are marked *