সৰভোগঃ বঙাইগাঁও জিলাৰ মানিকপুৰ উপজিলা ঘোষনাৰ দাবীত দিনজোৰা কাৰ্যসূচীৰে সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচী ৰূপায়ন কৰা হয়।
মানিকপুৰ উপজিলা দাবী সমিতিৰ উদ্যোগত মাণিকপুৰ বজাৰগৃহত শশ লোকে সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুৱা প্ৰায় ১১ বজাৰ পৰা ভাগৱত পাঠ, কোৰানপাঠ, নাম-কীত্তৰ্নেৰে চৰকাৰৰ সুমতি উদয় হোৱাৰ কামনা কৰে। আনকি চৰকাৰে যদি মানিকপুৰক উপজিলা ঘোষনা নকৰে তেন্তে আন্দোলনৰ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি জানিব দিয়ে।