মাণিকপুৰ উপ জিলা গঠনৰ দাবীত মাণিকপুৰত পাঁচ শতাধিক ৰাইজৰ প্ৰতিবাদ। মহকুমা ঘোষণাৰ পিছতো বঞ্চিত হোৱাত সমূহীয়া মুণ্ডণ প্ৰতিবাদী জনতাৰ। উলিওৱা হ’ল প্ৰতিবাদী সমদল।
মাণিকপুৰঃ পূৰ্বে ঘোষিত মাণিকপুৰ মহকুমাক বিলুপ্তিৰ উপৰিও সকলো দিশৰ পৰা বঞ্চিত মাণিপুৰবাসী ৰাইজে আজি মাণিপুৰত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
মাণিকপুৰ উপ জিলা দাবী সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত কেবাজনো প্ৰতিবাদকাৰীয়ে সমূহীয়া মুণ্ডণ কৰাৰ লগতে এক এক বৃহৎ প্ৰতিবাদী সমদল উলিওৱা হয়।
প্ৰতিবাদকাৰী সকলে মাণিকপুৰ উপ জিলা গঠন কৰিব লাগিবই, মাণিকপুৰক সকলো দিশত বঞ্চিত কৰা নচলিব, ন’ ছাব ডিষ্ট্ৰিকট্ ন’ ৰেষ্ট আদি শ্লোগানেৰে ৰাজপথ উত্তাল কৰি তোলে। চৰকাৰে মাণিকপুৰক মহকুমা ঘোষণা কৰাৰ পিছত পৰৱৰ্তী বিলুপ্ত কৰাকে আদি কৰি মাণিকপুৰ সমষ্টিৰ গঠনৰ পৰা বঞ্চিত, মাণিকপুৰক উপ জিলাৰ মৰ্যাদা প্ৰদান নকৰা কাৰ্যত ক্ষোভিত হৈ মাণিকপুৰ আটাইবোৰ দল-সংগঠৰ একত্ৰিত হৈ মাণিকপুৰ উপ জিলা দাবী সমিতিৰ উদ্যোগত পাঁচ শতাধিক ৰাইজে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
প্ৰতিবাদকাৰী সকলে শেষত মাণিকপুৰ চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰকপত্ৰ প্ৰদান কৰে।