অবৈধ কাঠ সৰবৰাহকাৰীৰ নতুন কৌশল।মাণিকপুৰৰ গৰাইমাৰীত কন্টেইনাৰ ভৰ্তি কাঠ জব্দ কৰে বন বিভাগে।
বঙাইগাওঁ আইভেলি বন বিভাগৰ অন্তৰ্গত মাণিকপুৰৰ গৰাইমাৰীত বৃহৎ পৰিমাণৰ অবৈধ চেগুন কাঠৰ কুণ্ডা জব্দ কৰা হয়। অবৈধ চেগুন কাঠৰ কুণ্ডা সমূহ HR 56 A 5856 নম্বৰৰ কন্টেইনাৰ গাড়ীত যোৰাবাটৰ পৰা ভৰ্তি কৰি কলিকতা অভিমুখে যাবলৈ ধৰোতে বিশেষ গোপন সূত্ৰত বন সুৰক্ষা বাহিনীয়ে গাড়ীসহ কাঠখিনি জব্দ কৰিবলৈ সক্ষম হয়।
গাড়ীৰ হেন্ডিমেনৰ তথ্য অনুসৰি প্ৰায় আঢ়ৈ পৰা তিনি লাখ টকাৰ চেগুন কাঠ হ’ব বুলি অনুমান কৰা হৈছে। উল্লেখযোগ্য যে গাড়ীখন জব্দ হোৱাৰ লগে লগেই গাড়ীখনৰ চালক পলায়ন কৰে ।
গাড়ীখনৰ নম্বৰ প্লেট খুলি অনা হৈছিল, তাৰোপৰি চাহপাতৰ চালানেৰে অবৈধ চেগুন কাঠৰ বৃহৎ পৰিমাণৰ কুন্ডা সৰবৰাহ কৰা হৈছিল বুলি বন বিভাগে জনায়।