মাণিকপুৰত পুনৰ ড্ৰাগছ সৰবৰাহকাৰী আটক।
প্ৰায় পাঁচ লাখ টকাৰ সন্দেহযুক্ত হেৰইনৰ জব্দ।
মাণিকপুৰঃ মাণিকপুৰ থানাৰ অন্তৰ্গত ডাঙাইগাও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দীনেশ আলী ওৰফে লেংৰা নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক।
গেৰুকাবাৰী তহলদাৰী ভাৰপ্ৰাপ্ত আৰক্ষী বিনয় মালাকাৰৰ গোপন অভিযানৰ ভিত্তিত ডাঙাইগাও ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত বৃহৎ পৰিমাণৰ ড্ৰাগছৰ সৈতে হাতেলুটে ধৰা পৰে ধৃত সৰবৰাহকাৰীজন। সৰবৰাহকাৰীজনৰ পৰা সন্দেহযুক্ত হেৰইন ১০৭.০৮ গ্ৰামৰ সৈতে দহটা চাবোনৰ বাকচ গেৰুকাবাৰী আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।
দহটা চাবোনৰ বাকচত থকা হেৰইনৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব বুলি সন্দেহ প্ৰকাশ কৰিছে। ধৃত সৰবৰাহকাৰী দীনেশ আলী মাণিকপুৰৰ বুলি জানিব পৰা গৈছে।