মাইক্ৰ’ ফাইনেঞ্চৰ মেনেজাৰৰ বিৰুদ্ধে অভিযোগঃ লোন দিয়াৰ প্ৰলোভনেৰে ধন আত্মসাৎ


লখিমপুৰৰ কদম তিনিআালিত উত্তপ্ত পৰিস্থিতি।

লখিমপুৰ: এইবাৰ মহিলাৰ ৰোষত পৰিল আৰোহণৰ মেনেজাৰ। লোন দিয়াৰ প্ৰলোভনেৰে ধন আত্মসাৎ কৰাৰ অভিযোগ। বহু লোকে আৱদ্ধ কৰি ৰাখিলে আৰোহণ মাইক্ৰফাইনেঞ্চৰ মেনেজাৰ জনক।

লখিমপুৰৰ কদম তিনিআলিত আৰোহণৰ মেনেজাৰ পৰিল ৰাইজৰ ৰোসত ।

লোণ দিয়াৰ প্ৰলোভনেৰে ধন সংগ্ৰহৰ অভিযোগ ।

লখিমপুৰ জিলাৰ কদম তিনিআলিত সৃষ্টি হয় উতপ্ত পৰিস্থিতি ।

আৰোহণ নামৰ মাইক্ৰফাইনেন্স কোম্পানীৰ মেনেজাৰ ক আৱদ্ধ কৰি ৰাখে ৰাইজে ।

লোণ দিয়াৰ প্ৰলোভনেৰে প্ৰায় ১০ টা পৰিয়ালৰ পৰা ২০, ২৫ হাজাৰকৈ ধন সংগ্ৰহ কৰি ২ মাহ অতিক্ৰম কৰাৰ পিছতো লোন নিদিয়া আভিযোগত মেনেজাৰক আৱদ্ধ কৰি ৰাইজে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে ।