মহানগৰীৰ জালুকবাৰী পদুমবড়ীত শুক্ৰবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। বলেৰ’ বাহনে মহতিয়ালে এখন টেম্প, দুখন দুচকীয়া বাহনক।
জানিব পৰা মতে, জালুকবাৰীৰ পৰা খানাপাৰা অভিমুখে আহি আছিল বলেৰ’ বাহনখন। টেম্প আৰু দুচকীয়া বাহন দুখন ভুল দিশেৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হয় ৫ জনকৈ লোক।
উল্লেখযোগ্য যে, দুৰ্ঘটনা সংঘটিত কৰা বলেৰ’খনৰ পঞ্জীয়ন নম্বৰ ML 01A 0294। আনহাতে, ঘটনা সংঘটিত কৰা বলেৰ’ বাহনখনক আৱদ্ধ কৰে স্থানীয় লোকে। ইয়াক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। তাৰপিছত ঘটনাস্থলীত উপস্থিত হয় জালুকবাৰী যানবাহন আৰক্ষী। স্থানীয় লোকৰ তৎপৰতাত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
তথ্য অনুসৰি, নিহত যুৱককেইজন অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ আছিল । ৭ জন যুৱকৰ ভিতৰত গুৱাহাটীৰ অৰিন্দম ভাল্লাল, নুমলীগড়ৰ নিয়ৰ ডেকা, শিৱসাগৰৰ কৌশিক মহন, নগাঁৱৰ উপাংশু শৰ্মা, মাজুলীৰ ৰাজকিৰণ ভূঞা, ডিব্ৰুগড়ৰ ইমন বৰুৱা আৰু মঙলদৈৰ কৌশিক বৰুৱা বুলি জানিব পৰা গৈছে ।
আৰক্ষীৰ ভাষ্য অনুসৰি, ডিভাইদাৰৰ পাছত ৰৈ থকা ডি আই পিকআপ ভেনত আহি খুন্দা মাৰিছিল স্কৰপিঅ’খনে । ধ্বংসপ্ৰাপ্ত স্কৰপিঅ’খনৰ অৱস্থাৰ পৰা সহজেই অনুমান কৰা যায় যে যে, তীব্ৰ গতিত আহি আছিল বাহনখন ।
ইতিমধ্যে সোমবাৰে ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি সংবাদিকৰ আগত কয়- ‘‘দুৰ্ঘটনাটোত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ জন ছাত্ৰৰ মৃত্যু হৈছে। এয়া অতি দুখজনক ঘটনা । ঘটনাটোৰ বাবে মই দুখ প্ৰকাশ কৰিছো।’’ তেওঁ লগতে কয় – ” ঘটনাটো অতি দুখজনক। সকলো কথা স্পষ্ট যদিও আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰিব” ৷