মহানগৰীৰ খানাপাৰাত ৰহস্যজনক অৱস্থাত শিক্ষকৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী: শুকুৰবাৰে পুৱাই ৰহস্যজনক উদ্ধাৰ হৈছে এগৰাকী শিক্ষকৰ মৃতদেহ।

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ সমীপত সংঘটিত হৈছে এই ঘটনা। খবৰ পোৱাৰ পিছতে দিছপুৰ আৰক্ষীয়ে গৈ মৃতদেহটো উদ্ধাৰ কৰে।

শিক্ষকগৰাকীৰ মৃতদেহটো এজোপা গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে । স্থানীয় ৰাইজে যুৱ শিক্ষকগৰাকীক দুৰ্বৃত্তই হত্যা কৰি ওলমাই থোৱাৰ সন্দেহ কৰা হৈছে।

প্ৰথম অৱস্থাত মৃতদেহটো চিনাক্ত হোৱা নাছিল যদিও পৰৱৰ্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মাজুলীৰ প্ৰণৱ মিলি বুলি চিনাক্ত কৰে। জানিব পৰা মতে, ২০১৬ চনত টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল প্ৰণৱ মিলিয়ে।

এয়া এটা পৰিকল্পিত হত্যা নে আত্মহত্যা সেয়া এতিয়াও নিশ্চিত হোৱা নাই। অৱশ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।