মহানগৰীত পুনৰ বৃদ্ধি গাখীৰৰ মূল্য

মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ সময়তে পুনৰ অসমবাসীৰ বাবে আন এক বেয়া খবৰ । মহানগৰত বৃদ্ধি পাব গাখীৰৰ মূল্য । গুৱাহাটীত গাখীৰৰ মুল্যবৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই ।

মুল্যবৃদ্ধিয়ে ৰামটাঙোন সোধাইছে সৰ্বসাধাৰণ জনতাৰ মূৰত । ৰন্ধন গেছ, শাক-পাচলি, বিদ্যুতৰ মাচুলকে আদি কৰি প্ৰায়বোৰ সামগ্ৰীৰে মূল্যবৃদ্ধিত জুৰুলা হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । এনেবোৰ সামগ্ৰীৰ মূল্যবৃ্দ্ধি অব্যাহত থকাৰ মাজতে আহিল আন এবিধ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ খবৰ । মহানগৰীত পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য ।

গুৱাহাটীত গাখীৰৰ মুল্যবৃদ্ধি সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই । প্ৰতিলিটাৰ গাখীৰত ৫ টকাকৈ বৃদ্ধি কৰাৰ দাবী কৰিছে গো-পালক সন্থাই ।

বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাৰ সভাপতি কৃষ্ণ প্ৰসাদ শৰ্মাই কয় যে গো-পালকৰ পৰা বৰ্তমান সময়ত ৫৩ টকাকৈ প্ৰতিলিটাৰ গাখীৰ ক্ৰয় কৰি আহিছে ব্যৱসায়ীসকলে । লকডাউনৰ পূৰ্বে প্ৰতিলিটাৰ গাখীৰ ৪৮ টকা হোৱাৰ পিছত লকডাউনৰ পিছত দুই টকা বৃদ্ধি হৈ ৫০ হৈছিল আৰু বিগত বৰ্ষত তিনি টকা বৃদ্ধি হৈ ৫৩ টকাকৈ বৃদ্ধি হৈ আছে । কিন্তু এতিয়া প্ৰতিলিটাৰ গাখীৰ ৫৮ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি সন্থাই সদৰি কৰে ।

আনহাতে বৃহত্তৰ দুগ্ধ ব্যৱসায়ী সন্থাৰ সভাপতি পদম বাচনেটে কয় যে, প্ৰতিলিটাৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰা হৈছে যদিও গো-পালক সকলে মানি লোৱা নাই । যদি গৰু খুঁটিতে ৫৮-৬০ টকাকৈ গাখীৰ প্ৰতিলিটাৰ ক্ৰয় কৰিবলগীয়া হ’লে বজাৰত গাখীৰৰ দাম অধিক বৃদ্ধি পাব । উল্লেখ্য যে বিগত বৰ্ষৰ ২৭ জুলাইৰ পৰা মহানগৰীৰ বজাৰত বৃদ্ধি হৈছিল গাখীৰৰ মূল্য । গুৱাহাটীৰ বজাৰত প্ৰতি লিটাৰ গাখীৰৰ পাইকাৰী মূল্য ৫৭.৪০ টকা আৰু খুচুৰা মূল্য ৬০ টকাকৈ বিক্ৰী হৈ আছে ।