মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড, পত্নীক হত্যা কৰি স্বামীয়ে বাকচত সুমুৱাই থ’লে মৃতদেহ

মহানগৰীৰ লালুংগাঁৱত চাঞ্চল্যকৰ হত্যাকাণ্ড। পৰিকল্পিতভাৱে পত্নীক হত্যা কৰি পলায়ন কৰিলে পাষাণ স্বামীয়ে। হত্যাৰ কেইদিনমান পিছতে উৱলি যোৱা মৃতদেহৰ পৰা দুৰ্গন্ধ ওলোৱাত ওচৰ চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে।

মহানগৰীৰ লালুংগাঁৱত অৱস্থিত ১০ নম্বৰ ঘৰত এই হত্যাকাণ্ড সংঘটিত হয়। বাকচৰ ভিতৰত উদ্ধাৰ কৰা হয় দুৰ্ভগীয়া মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম বাসন্তী আৰু পলাতক অভিযুক্ত হত্যাকাৰী স্বামীৰ নাম ৰাজু বৈশ্য।

খবৰ অনুযায়ী, হত্যাৰ বলি হোৱা মহিলাগৰাকীৰ ঘৰ কাৰ্বি আংলং জিলাত। তেওঁ ৰাজু বৈশ্যৰ দ্বিতীয় পত্নী আছিল। মৃতদেহ উদ্ধাৰ হোৱা ঘৰটো এসপ্তাহ পূৰ্বে পৰিয়ালটোৱে ভাড়াত লৈছিল। আৰু আজি বৃহস্পতিবাৰে হত্যাকাণ্ডৰ বিষয়ে জানিব পৰা যায়। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় গড়চুক আৰক্ষী। হত্যাকাৰী ৰাজু বৈশ্যৰ ঘৰ মালিগাঁৱত। আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।