আমাৰ দেশ ভাৰতবৰ্ষই ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে স্বাধীনতা লাভ কৰিছিল । ইংৰাজৰ প্ৰায় ১৯০ বছৰীয়া শাসনৰ পৰা ভাৰতক মুক্ত কৰাটো ইমান সহজ নাছিল । কিন্তু এই কঠিন কাম সমাধা কৰি দেখুৱালে ভাৰতৰ সু সন্তান জাতিৰ পিতা মহাত্মা গান্ধীয়ে । তেওঁ বলেৰে কৰিব নোৱাৰা কাম অহিংসাৰ মাধ্যমে কৰি দেখুৱালে আৰু ভাৰতীয়সকলক স্বাধীনতাৰ ৰস পান কৰালে। মহাত্মা গান্ধীৰ শাৰীৰিক আকৃতি যদিও সৰু আৰু দূৰ্বল আছিল কিন্তু তেওঁ কেতিয়াও ক্লান্ত বা ভাগৰুৱা অনুভৱ কৰা নাছিল । তেওঁৰ শাৰীৰিক ক্ষমতাৰ কথা শুনিলে সকলো আচৰিত হ’য় ।
উদাহৰণস্বৰূপে, গান্ধীজিয়ে স্বাধীনতা প্ৰাপ্তিৰ বাবে ১৭ বাৰ অনশনত বহিছিল আৰু তেওঁ সৰ্বাধিক ২১ দিনলৈকে লঘোনে আছিল। খোজ কঢ়াৰ ক্ষেত্রতো গান্ধীজিয়ে এক বিশেষ অভিলেখ স্থাপন কৰিছে। তেওঁ লোণ আইন ভংগ আন্দোলনত মাত্র ২৪ দিনত প্ৰায় ৩৮৬ কি: মি খোজকাঢ়ি যাত্রা কৰিছিল। গান্ধীজিৰ এনে শাৰীৰিক দক্ষতাৰ আঁৰত লুকাই আছে তেওঁৰ দৈনিক খাদ্যাভ্যাস তথা ব্যায়াম। তেন্তে আহকচোন জ্ঞাত হওঁ সেই খাদ্যাভ্যাস তথা ব্যায়ামৰ বিষয়ে।
১) গান্ধীজি সম্পূর্ণ নিৰামিষ আহাৰ গ্ৰহণ কৰিছিল আৰু তেওঁ আহাৰ ভালদৰে চোবাই খাইছিল। তেওঁ সকলোকে আহাৰ গিলাৰ আগত ৩২ বাৰ চোবোৱাৰ পৰামৰ্শ দিছিল।
২) তেওঁ নিজৰ আহাৰত খুব পৰিমাণৰ নিমখ গ্ৰহণ কৰিছিল, কাৰণ তেওঁ বিশ্বাস কৰিছিল যে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় নিমখ শাক পাচলি সমূহত মজুত থাকে।
৩) স্বাস্থ্য ভালে ৰাখিবলৈ তেওঁ গৰু বা ম’হৰ গাখীৰ সেৱন কৰা নাছিল, ইয়াৰ পৰিবৰ্তে ছাগলীৰ গাখীৰ সেৱন কৰিছিল ।
৪) তেওঁ কেতিয়াও সংসাধিত খাদ্য সামগ্রী গ্ৰহণ কৰা নাছিল, ইয়াৰ পৰিবৰ্তে অধিক পৰিমাণে কেচা ফল মূল খাদ্য হিচাপে গ্ৰহণ কৰিছিল।
৫) তেওঁ দিনত তিনিবাৰ খাদ্য গ্রহণ কৰিছিল আৰু বাকী সময়ত তেওঁ কোনোধৰণৰ লঘু আহাৰ গ্ৰহণ কৰা নাছিল ।
৬) ব্যামৰ ক্ষেত্রত গান্ধীজিয়ে কেৱল খোজ কঢ়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছিল । ১৯১৪ ৰ পৰা ১৯৪৭ লৈকে তেওঁ নিতৌ ১৮ কি: মি: খোজকাঢ়িছিল।
গান্ধীজি ভাৰতৰ এজন মহান ব্যক্তি আছিল আৰু তেওঁৰ ব্যক্তিত্বই সমগ্র বিশ্বকে উৎফুল্লিত কৰিছিল। তেওঁৰ নিজ দেশৰ প্ৰতি থকা নিষ্ঠা তথা ত্যাগৰ বাবে আজি আমি নিজকে এখন স্বাধীন ৰাষ্ট্ৰৰ নিবাসী বুলি গৌৰৱ কৰিব পাৰো।